ছোনিয়া গান্ধীক ইডিৰ চমনক লৈ সমগ্ৰ দেশতে কংগ্ৰেছ নেতা-কৰ্মীসকলে বিগত দুদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছে। দেশৰ আন ৰাজ্যৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন স্থানত কংগ্ৰেছ নেতা-কৰ্মীসকলে ছোনিয়া গান্ধী তথা ৰাহুল গান্ধীক ইডিৰ চমনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰেই অংশ হিচাপে আজি হাইলাকান্দিতো জিলা কংগ্ৰেছে গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী।
কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতা ৰাহুল গান্ধীৰ পিছত ছোনীয়া গান্ধীকো ইডিয়ে চমন জাৰি কৰাৰ পিছতেই ৰাজ্যজুৰি কংগ্ৰেছে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। শুকুৰবাৰে হাইলাকান্দি জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যদিও কংগ্ৰেছৰ প্ৰতিবাদত বাধা প্ৰদান কৰে আৰক্ষীয়ে।
শুকুৰবাৰে দিনৰ ১ বজাত স্থানীয় কংগ্ৰেছ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱাৰ প্ৰস্তুতি চলাইছিল যদিও একাংশ কংগ্ৰেছ কৰ্মীক কংগ্ৰেছ ভৱনৰ সম্মুখৰ পৰাই আটক কৰে আৰক্ষীয়ে। কিন্তু আন একাংশই আকৌ কৌশলেৰে হাইলাকান্দি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত আহি প্ৰতিবাদ আৰম্ভ কৰে। পিছত আৰক্ষীয়ে জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগণৰ পৰা বাকী কংগ্ৰেছ কৰ্মীসকলক আবদ্ধ কৰি হাইলাকান্দি সদৰ থানলৈ লৈ যায়। হাইলাকান্দি আৰক্ষীয়ে সৰ্বমুঠ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীক আটক কৰে।
ইপিনে, কংগ্ৰেছৰ এই গণতান্ত্ৰিক প্ৰতিবাদত আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ ক্ষোভ ব্যক্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে। লগতে ইডিয়ে জেৰাৰ নামত দলৰ কেন্দ্ৰীয় নেতাক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|