মুখ্যপৃষ্ঠা » খবৰ

» অসম

»UPৰ লখিমপুৰৰ নিৰীহ কৃষকৰ হত্যাক গৰিহণা দি প্ৰদেশ কংগ্ৰেছে পালন কৰিলে মৌনব্ৰত

UPৰ লখিমপুৰৰ নিৰীহ কৃষকৰ হত্যাক গৰিহণা দি প্ৰদেশ কংগ্ৰেছে পালন কৰিলে মৌনব্ৰত

News18 Assam | News18-Assam
Updated:October 11, 2021, 11:00 PM IST
UPৰ লখিমপুৰৰ নিৰীহ কৃষকৰ হত্যাক গৰিহণা দি প্ৰদেশ কংগ্ৰেছে পালন কৰিলে মৌনব্ৰত
মৌনব্ৰত কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া।

মৌনব্ৰত কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া।

  • Share this:

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত গণতান্ত্ৰিকভাৱে আন্দোলন কৰা কৃষকৰ ওপৰেৰে গাড়ী চলাই ৪গৰাকী নিৰীহ কৃষকক হত্যা কৰা কাৰ্যক কঠোৰ ভাষাৰে ধিক্কাৰ দিছে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ঘটনাৰ লগত জড়িত বিজেপি চৰকাৰৰ কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰসহ সকলো অপৰাধীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান আৰু মন্ত্ৰী অজয় মিশ্ৰ টেনিক মন্ত্ৰীসভাৰ পৰা শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সোমবাৰে মহানগৰীৰ কাছাৰীৰ মেঘদূত ভৱনৰ সন্মুখত মৌনব্ৰত পালন কৰে।


প্ৰতিবাদস্থলীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক ভৰত নৰহ উপস্থিত থাকে। মৌনব্ৰত কাৰ্যসূচীতে পেট্ৰ'ল–ডিজেলৰ মূল্যবৃদ্ধি সম্পৰ্কত কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি বিধায়ক ভৱেশ কলিতাই কৰা টুলুঙা মন্তব্যক চোকা ভাষাৰে সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।


ভূপেন বৰাৰ অভিযোগ বিজেপি নেতৃত্বাধীন চৰকাৰে দেশত দুখন আইন চলাই আছে। নগাঁওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো চৰকাৰক সমালোচনা কৰে।

Published by: Gautam Barman
First published: October 11, 2021, 11:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি