সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত গোলাঘাটত কংগ্ৰেছৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীৰে হতাহতিত লিপ্ত আৰক্ষী-অৰ্ধসামৰিক বাহিনী

News18 Assam | News18-Assam
Updated:January 20, 2021, 8:11 PM IST
সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত গোলাঘাটত কংগ্ৰেছৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীৰে হতাহতিত লিপ্ত আৰক্ষী-অৰ্ধসামৰিক বাহিনী
আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় সাংসদ গৌৰৱ গগৈ।

আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় সাংসদ গৌৰৱ গগৈ।

  • Share this:
সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত গোলাঘাটত কংগ্ৰেছৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীৰে হতাহতিত লিপ্ত আৰক্ষী, অৰ্ধসামৰিক বাহিনী। কৃষক আইন বাতিল আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে  গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা কংগ্ৰেছ দলে বাহিৰ কৰিছিল জোঁৰ সমদল। জোঁৰ সমদলত বাধা আৰোপ কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ বাধা অমান্য কৰাৰ বাবে  প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধৰ সৃষ্টি হয়।

আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় সাংসদ গৌৰৱ গগৈ। প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষী হতাহতিত লিপ্ত হোৱাৰ বাবে দণ্ডাদীশক সকীয়নি প্ৰদান কৰিলে সাংসদ গৌৰৱ গগৈয়ে। প্ৰতিবাদস্থলীৰ পৰাই বিজেপিকো সকীয়নি প্ৰদান কৰি গৌৰৱ গগৈয়ে ক'লে – অসমত বিজেপিৰ আয়ুস মাত্ৰ দুমাহ আছে।
Published by: Sanjay Kumar Das
First published: January 20, 2021, 8:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি