পিঁয়াজৰ মালা পিন্ধি বিধানসভালৈ আহিল কংগ্ৰেছ বিধায়ক

আনহাতে, পিঁয়াজৰ মূল্যবৃদ্ধিক লৈ বিধানসভাত বিধায়ক প্ৰশান্ত ফুকনে কয় – ‘পিঁয়াজৰ দাম বৃদ্ধি হোৱা নাই, কমিছেহে। এতিয়া মই কিয় প্ৰতিবাদ কৰিম। মই যি পাত্ৰত থাকো, তাৰেই আকাৰ লওঁ।’
আনহাতে, পিঁয়াজৰ মূল্যবৃদ্ধিক লৈ বিধানসভাত বিধায়ক প্ৰশান্ত ফুকনে কয় – ‘পিঁয়াজৰ দাম বৃদ্ধি হোৱা নাই, কমিছেহে। এতিয়া মই কিয় প্ৰতিবাদ কৰিম। মই যি পাত্ৰত থাকো, তাৰেই আকাৰ লওঁ।’
- News18 Assam
- Last Updated: November 29, 2019, 11:35 AM IST
বিধানসভাৰ শীতকালীন অধিৱেশনত আজি পিঁয়াজৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ বিধায়কসকলে। ডিঙিত পিঁয়াজৰ মালা বিন্ধি বিধানসভালৈ আহিল কংগ্ৰেছৰ একাংশ বিধায়ক। ৰূপজ্যোতি কুৰ্মী, কমলাক্ষ দে পুৰকায়স্থকে ধৰি কেইবাজনো বিধায়কে পিন্ধিলে পিঁয়াজৰ মালা।
আনহাতে, পিঁয়াজৰ মূল্যবৃদ্ধিক লৈ বিধানসভাত বিধায়ক প্ৰশান্ত ফুকনে কয় – ‘পিঁয়াজৰ দাম বৃদ্ধি হোৱা নাই, কমিছেহে। এতিয়া মই কিয় প্ৰতিবাদ কৰিম। মই যি পাত্ৰত থাকো, তাৰেই আকাৰ লওঁ।’আনহাতে, পিঁয়াজৰ মূল্যবৃদ্ধিৰ প্ৰসংগ বিধানসভাত উত্থাপিত হোৱাত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়েও পিঁয়াজৰ মূল্যবৃদ্ধিৰ হ্ৰাস হোৱাটো বিচাৰে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।