ৰকিবুল হুছেইনে লগতে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ কাৰ্যৰো বিৰোধিতা কৰি কয়, নাগালেণ্ড সীমান্তত কিয় উচ্ছেদ চলোৱাৰ সাহস নাই চৰকাৰে।
ৰকিবুল হুছেইনে লগতে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ কাৰ্যৰো বিৰোধিতা কৰি কয়, নাগালেণ্ড সীমান্তত কিয় উচ্ছেদ চলোৱাৰ সাহস নাই চৰকাৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ চৰকাৰখনক কঠোৰ সমালোচনা কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে আজি কয়, এইখন ১ মাহৰ চৰকাৰ নহয়। কাৰণ এতিয়াৰ মুখ্যমন্ত্ৰীজন পূৰ্বতেও ছেকেণ্ড ইন কামাণ্ড আছিল। কিন্তু শিক্ষা আৰু স্বাস্থ্যত একো উন্নতি কৰিব নোৱাৰিলে।
ৰকিবুল হুছেইনে লগতে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ কাৰ্যৰো বিৰোধিতা কৰি কয়, নাগালেণ্ড সীমান্তত কিয় উচ্ছেদ চলোৱাৰ সাহস নাই চৰকাৰে। আনহাতে, ৰাজ্যত কোৰোণাৰ প্ৰকৃত সংখ্যা কমকৈ দেখুওৱাৰ বাবে ঘন জবসতিপূৰ্ণ অঞ্চলত টেষ্ট কৰা নাই বুলিও অভিযোগ কৰে ৰকিবুল হুছেইনে।
ইপিনে সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়, "বিজেপি চৰকাৰে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ সোধাই প্ৰতিদিনেই পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰিছে, ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অধিক বৃদ্ধি পাইছে।"
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকা আৰু জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মাও উপস্থিত থাকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|