• Home
  • »
  • News
  • »
  • assam
  • »
  • ২১ অক্টোবৰত অসমৰ প্ৰতিখন জিলাতে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কংগ্ৰেছে, উপ–নিৰ্বাচন অনুষ্ঠিত হ’বলগা পাঁচটা সমষ্টিতো সাব্যস্ত কৰিব প্ৰতিবাদ

২১ অক্টোবৰত অসমৰ প্ৰতিখন জিলাতে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কংগ্ৰেছে, উপ–নিৰ্বাচন অনুষ্ঠিত হ’বলগা পাঁচটা সমষ্টিতো সাব্যস্ত কৰিব প্ৰতিবাদ

বিজেপি চৰকাৰখনে ৰাইজক প্ৰতাৰণা কৰা পাঁচটা নিৰ্বাচনী প্ৰতিশ্ৰুতি শীঘ্ৰে পূৰণ কৰাৰ দাবীত কংগ্ৰেছে সাব্যস্ত কৰিব এই প্ৰতিবাদ।

বিজেপি চৰকাৰখনে ৰাইজক প্ৰতাৰণা কৰা পাঁচটা নিৰ্বাচনী প্ৰতিশ্ৰুতি শীঘ্ৰে পূৰণ কৰাৰ দাবীত কংগ্ৰেছে সাব্যস্ত কৰিব এই প্ৰতিবাদ।

বিজেপি চৰকাৰখনে ৰাইজক প্ৰতাৰণা কৰা পাঁচটা নিৰ্বাচনী প্ৰতিশ্ৰুতি শীঘ্ৰে পূৰণ কৰাৰ দাবীত কংগ্ৰেছে সাব্যস্ত কৰিব এই প্ৰতিবাদ।

  • Share this:
অহা ২১ অক্টোবৰত উপ–নিৰ্বাচন অনুষ্ঠিত হ’বলগা অসমৰ পাঁচটা সমষ্টিকে মুখ্য কৰি অসমৰ প্ৰতিখন জিলাৰ সদৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কংগ্ৰেছ দলে। বিজেপি চৰকাৰখনে ৰাইজক প্ৰতাৰণা কৰা পাঁচটা নিৰ্বাচনী প্ৰতিশ্ৰুতি শীঘ্ৰে পূৰণ কৰাৰ দাবীত কংগ্ৰেছে সাব্যস্ত কৰিব এই প্ৰতিবাদ।

বিজেপিয়ে অসমৰ জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দিছিল যদিও দেশৰ ভিতৰতে নাৰীজনিত অপৰাধৰ সংখ্যাৰে অসমে অভিলেখ গঢ়াৰ তথ্য সদৰি কৰি কংগ্ৰেছৰ প্ৰথমটো দাবী হৈছে অসমত নাৰীৰ সুৰক্ষা নিশ্চিত কৰা। দ্বিতীয়টো দাবী হ’ল অসমৰ চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি চৰকাৰে পূৰণ কৰা। তৃতীয়টো দাবী হৈছে অৰোণোদয় আঁচনিৰ ধনৰ পৰিমাণ চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ দৰে তিনি হাজাৰ টকালৈ বৃদ্ধি কৰা।

ইয়াৰ লগতে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়াৰ দৰে বছৰি এক লাখকৈ পাঁচ বছৰত পাঁচ লাখ নিবনুৱাক চাকৰি প্ৰদানৰ ব্যৱস্থা কৰা আৰু বিজেপি চৰকাৰৰ দিনত একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰা বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।

"বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে বহুকেইটা প্ৰতিশ্ৰুতি দি অসমৰ ৰাইজৰ আস্থা আদায় কৰি চৰকাৰ গঠন কৰিলে। কিন্তু প্ৰতিশ্ৰুতি পূৰণৰ ব্যৱস্থা নকৰি আঁভুৱা ভাৰিলে অসমৰ জনসাধাৰণক। আমি বিজেপি চৰকাৰৰ পাঁচটা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চৰকাৰক দাবী জনাই অহা ২১ অক্টোবৰত সমগ্ৰ অসমতে জিলা সদৰসমূহত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো।", এপিচিচিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে যোৰহাটত অনুষ্ঠিত এক সঙবাদমেলত এনেদৰে কয়।

আনহাতে, আগন্তুক উপ–নিৰ্বাচন সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মৰিয়নী আৰু থাওৰা সমষ্টি কংগ্ৰেছৰ দখলত আছিল আৰু সেয়া এই নিৰ্বাচনৰ ফলাফলতো অপৰিৱৰ্তিত হৈ থাকিব। উপ–নিৰ্বাচন অনুষ্ঠিত হ’ব লগা পাঁচোটা সমষ্টিতে কংগ্ৰেছৰ স্থিতি ভাল বুলি গোস্বামীয়ে কয়।
Published by:Sanjay Kumar Das
First published: