২০১৬ত মোদীয়ে কৈছিল, মাজুলীত কেবিনেট পাতি সোণোৱালেও কৈছিল, দুবাৰকৈ স্থাপন কৰিছিল দলঙৰ আধাৰশিলা, বিনিময়ত আমি পালোঁ পৰমিতা দাসৰ মৃত্যু আৰু অনেকৰ আৰ্তনাদ- ভূপেন বৰা
২০১৬ত মোদীয়ে কৈছিল, মাজুলীত কেবিনেট পাতি সোণোৱালেও কৈছিল, দুবাৰকৈ স্থাপন কৰিছিল দলঙৰ আধাৰশিলা, বিনিময়ত আমি পালোঁ পৰমিতা দাসৰ মৃত্যু আৰু অনেকৰ আৰ্তনাদ- ভূপেন বৰা
নিমাতীঘাটৰ নাও দুৰ্ঘটানা (Nimatighat Boat Tragedy)ৰ পিছতে শলঠেকত পৰিছে ৰাজ্য চৰকাৰ। চৌদিশে চৰকাৰৰ বিৰুদ্ধে উদ্গীৰণ ঘটিছে ক্ষোভৰ। বিশেষকৈ যোৰহাট-মাজুলী সংযোগী দলংখন (Jorhat-Majuli Bridge) বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি নিৰ্মাণ কৰিব নোৱৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। বিৰোধী দলসমূহেও এই সুযোগতে কঠোৰ সমালোচনা কৰিছে ৰৰাজ্য চৰকাৰক।
কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC President Bhupen Borah)ই আজি এক সংবাদমেলত কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে ২০১৬ৰ ২৩ মাৰ্চত মাজুলীতে কৈছিল- ৭০ বছৰে নোহোৱা মাজুলী সংযোগী দলং পাঁচ বছৰত হ'ব বুলি। বিজেপি চৰকাৰে ২০১৬ত দায়িত্ব লৈয়েই নামামী ব্ৰহ্মপুত্ৰ (Namami Brahmaputra) পাতিছিল। মাজুলীৰ দলঙৰ দুবাৰকৈ আধাৰশিলা (Majuli Bridge Foundation Stone) পাতিলে ।কিন্তু তাৰ বিনিময়ত আমি কি পালোঁ- পৰিমিতা দাস (Parimita Das)ৰ মৃত্যু!"
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)কো কঠোৰ সমালোচনা কৰি ভূপেন বৰাই কয়, "মাজুলীৰ মানুহৰ মূৰৰ ওপৰত দলং সাজি এজন মানুহ মুখ্যমন্ত্ৰী হৈ পিছত কেন্দ্ৰীয় মন্ত্ৰী হ'ল। মুখ্যমন্ত্ৰী হৈ মাজুলীত কেবিনেট পাতি দলং হ'বই বুলি কৈছিল সোণোৱালে ৷ ৰো ৰো ছাৰ্ভিচ (Ro Ro Service) মুকলি কৰিছিল । এতিয়া সেই ৰো ৰো ছাৰ্ভিচ ছেলফি চেণ্টাৰ (Selfie Point) হৈছেগৈ । মাজুলীৰ নৈপৰীয়াৰ ভোট লৈ এতিয়া সাগৰীয় বতাহ খাই আছে সোণোৱালে।"
পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Minister Chandramohan Patowary)কো তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি ভূপেন বৰাই কয় যে ২০১৮ত আজিৰ মুখ্যমন্ত্ৰীৰ সমষ্টিত ভয়ংকৰ নাও দুৰ্ঘটনা হৈছিল । ২০১৮ চনতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ব্ৰহ্মপুত্ৰ (Brahmaputra)ত ছিংগল ইঞ্জিন নাও চলিব নিদিওঁ বুলি বিধানসভাৰ মজিয়াত ঘোষণা কৰিছিল । কিন্ত মন্ত্ৰী পাটোৱাৰীৰ সদম্ভ ঘোষণাৰ পিছতো ৰাজ্যত ছিংগল ইঞ্জিন নাও চলিয়েই থাকিল । আজি মুখ্যমন্ত্ৰীয়ে ছিংগল ইঞ্জিন নাও বন্ধ কৰিব বুলি কৈছে ৷ "পৰিমিতা দাসৰ বলি দিবলৈকে ছিংগল ইঞ্জিন নাও চলাই ৰখা হৈছিল নেকি" বুলিও প্ৰশ্ন কৰে ভূপেন বৰাই।
ভূপেন বৰাই আকৌ কয় যে বহু দুৰ্ঘটনাৰ বাবে বহু মন্ত্ৰীয়ে দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল, কিন্তু নাও দুৰ্ঘটনা ঘটিলেই বিভাগটোৱে বাৰম্বাৰ একেইকেইজন বিষয়াকে নিলম্বন কৰি আছে। এইবাৰো জল পৰিবহণ বিভাগৰ বিষয়া বিক্ৰমাদিত্য চৌধুৰীক নিলম্বন কৰা হ'ল, মন্ত্ৰী কিন্তু এজনেই আছে !" এই বুলি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কটাক্ষ কৰি ভূপেন বৰাই আকৌ কয়, "আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ মন্ত্ৰীজনে অসমৰ জনগণৰ মাজত দৃষ্টান্ত সৃষ্টি কৰি পদত্যাগ কৰিবলৈ দাবী জনালোঁ।"
উল্লেখ্য যে বুধবাৰে নিশাই কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত কংগ্ৰেছৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈছিল। পৰিমিতা দাসৰ মৃত্যুত শোক প্ৰকাশ কৰি কংগ্ৰেছে প্ৰতিখন নাৱত বাধ্যতামূলকভাৱে লাইফ জেকেট দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|