"বঢ়মপুৰৰ শ্বহীদ দিৱসলৈ আহোঁতে আমি বিধায়ক জিতু গোস্বামীৰ ফটোৰ তলেদি আহিব লগা হৈছে। শ্বহীদ দিৱসত জিতু গোস্বামীৰ ফটোহে ডাঙৰ। এয়া শ্বহীদৰ প্ৰতি অপমান।"- বঢ়মপুৰত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। শাসনাধিষ্ঠিত চৰকাৰখনক কটু সমালোচনা কৰি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, কংগ্ৰেছে মাথোঁ বলিদান দিব জানে। দেশখনৰ বাবে কংগ্ৰেছে সদায় বলিদান দি আহিছে আৰু দি যাব।
ইপিনে ৰূপজ্যোতি কুৰ্মীক মানুহে ভোট নিদিয়ে বুলি কৈ ভূপেন বৰাই কয়, "তেওঁৰ নৈতিকতা নাই। ক্ষমতাৰ বাবেই তেওঁ নিজৰ গালত চৰিয়ায়। এনেকুৱা নেতাক ৰাইজে এইবাৰ ভোট নিদিয়ে।" আনহাতে, এইবাৰৰ উপ–নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল ভাল হ'ব বুলিও মত ব্যক্ত কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|