মুখ্যপৃষ্ঠা »খবৰ »অসম »নিৰ্বাচন আয়োগলৈ কংগ্ৰেছৰ সন্দেহৰ আঙুলি, ন্যায় ব্যৱস্থা-চিবিআইকো চৰকাৰে ব্যৱহাৰ কৰাৰ অভিযোগ

নিৰ্বাচন আয়োগলৈ কংগ্ৰেছৰ সন্দেহৰ আঙুলি, ন্যায় ব্যৱস্থা-চিবিআইকো চৰকাৰে ব্যৱহাৰ কৰাৰ অভিযোগ

সমষ্টি পুনঃনিৰ্ধাৰন সম্পৰ্কত অজিত কুমাৰ ভূঞা আৰু ড০ হীৰেন গোহাঁয়ে গোচৰ তৰিছে

সমষ্টি পুনঃনিৰ্ধাৰন সম্পৰ্কত অজিত কুমাৰ ভূঞা আৰু ড০ হীৰেন গোহাঁয়ে গোচৰ তৰিছে

সমষ্টি পুনঃনিৰ্ধাৰন সম্পৰ্কত অজিত কুমাৰ ভূঞা আৰু ড০ হীৰেন গোহাঁয়ে গোচৰ তৰিছে

  • Share this:
নিৰ্বাচন আয়োগে বিজেপিৰ কথা মতে কাম কৰি আছে।‌ নিৰ্বাচন আয়োগে শুনানিৰ বাবে গুৱাহাটীলৈ আহিছে যদিও তেওঁলোকে কি কৰিব সেয়া ইতিমধ্যে সিদ্ধান্ত লৈয়েই পেলাইছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই। সমষ্টি পুনঃনিৰ্ধাৰণ সম্পৰ্কত প্ৰয়োজনত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব অসমৰ প্ৰধান বিৰোধী দলটোৱে।

স্বতন্ত্ৰ নে দেশৰ নিৰ্বাচন আয়োগ

ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগৰ ওপৰত সন্দেহৰ আঙুলি টোৱাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাই অতি কৌশলী মন্তব্যৰে নিৰ্বাচন আয়োগক সমালোচনা কৰে। কেৱল নিৰ্বাচন আয়োগ কিয় দেশৰ ন্যায় ব্যৱস্থা, চিবিআই আৰু অন্যান্য সন্থাক বিজেপিয়ে ব্যৱহাৰ কৰি আছে বুলি কয় ভূপেন কুমাৰ বৰাই।

সমষ্টি পুনঃনিৰ্ধাৰণ সম্পৰ্কত ইতিমধ্যে ন্যায়ালয়ৰ কাষ চাপিছে ড০ হীৰেন গোহাঁই আৰু অজিত কুমাৰ ভূঞা। বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই আৰু ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সৈতে এপিচিচিৰ সমৰ্থন আছে বুলি কয় ভূপেন বৰাই। মুঠতে যিকোনো মুল্যৰ বিনিময়ত বলপূৰ্বকভাৱে একপক্ষীয় সমষ্টি পুনঃনিৰ্ধাৰণ হ'বলৈ নিদিও বুলি কয় ভূপেন বৰাই।

বুধবাৰে ৰাজীৱ ভৱনত এআইচিচিৰ মুখপাত্ৰ জিতু পাটোৱাৰী, ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, বিৰোধী উপ দলপতি ৰকিবুল হুছেইনে সংবাদ মাধ্যমক সম্বোধন কৰে। সংবাদ মেলত কংগ্ৰেছৰ দুই জ্যেষ্ঠ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু জাকিৰ হুছেইন শিকদাৰো উপস্থিত আছিল।

শেহতীয়া বাতৰি