• Home
  • »
  • News
  • »
  • assam
  • »
  • বিধায়ক শ্বেৰমান আলীৰ বিতৰ্কিত বক্তব্যক লৈ কি ক'লে কংগ্ৰেছ সভাপতি ভূপেন বৰাই?

বিধায়ক শ্বেৰমান আলীৰ বিতৰ্কিত বক্তব্যক লৈ কি ক'লে কংগ্ৰেছ সভাপতি ভূপেন বৰাই?

শ্বেৰমান আলী সম্পৰ্কে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়েও দিলে মত।

শ্বেৰমান আলী সম্পৰ্কে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়েও দিলে মত।

শ্বেৰমান আলী সম্পৰ্কে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়েও দিলে মত।

  • Share this:

বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দি কৰা মন্তব্যক লৈ অকল শাসকীয় পক্ষৰে যে কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে তেনে নহয়, নিজ দলৰ সভাপতিয়েও সমালোচনা কৰিছে বিধায়ক শ্বেৰমান আলীক ৷ বিধায়ক শ্বেৰমান আলীৰ মন্তব্যক একেমুখে গ্ৰহণযোগ্য নহয় বুলি ক'লে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷


ভূপেন বৰাই লগতে ক'লে, "শ্বেৰমান আলীৰ এয়া প্ৰথম নহয়, এতিয়ালৈকে শ্বেৰমান আলীয়ে তিনিবাৰ এনে ভুল কৰিছে ৷ শ্বেৰমান আলীৰ মন্তব্য কংগ্ৰেছ দলৰ মন্তব্য কেতিয়াও হ'ব নোৱাৰে ৷ কাইলৈ পুৱা দহ বজাত এই বিষয়টোক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগত মই আলোচনাত বহিম ৷ কাইলৈ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত বৈঠকত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিম শ্বেৰমান আলীৰ বিৰুদ্ধে ৷ শ্বেৰমান আলীয়ে নিজে কৰা ভুলৰ বাবে বিপদত পৰিব ৷"


ইফালে, উপনিৰ্বাচনত সকলো বিৰোধীক ঐক্যবদ্ধ কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে আলোচনাত মিলিত হোৱা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও কঠোৰ সমালোচনা কৰিলে বিধায়ক শ্বেৰমান আলীক ৷ ভৱিষ্যতলৈ শ্বহীদক অপমান নকৰিবলৈও সকীয়নি লুৰিণজ্যোতি গগৈৰ ৷


"শ্বেৰমান আলীক সকীয়াই দিছোঁ ৷ শ্বহীদৰ ত্যাগক এনেকৈ অপমান কৰা আমি সহ্য নকৰিম ৷ এই অপমান অকল শ্বহীদৰ হোৱা নাই এই অপমান অসমীয়া জাতিক কৰা অপমান ৷ এনে মন্তব্যৰে শ্বেৰমান আলীয়ে সমাজখনক দুভাগ কৰিব বিচাৰিছে ৷ সমাজত বিষবাস্প বিয়পাব খুজিছে ৷ শ্বেৰমান আলী সম্পৰ্কে আমি ভূপেন বৰাকো অৱগত কৰিছোঁ ৷ ভূপেন বৰাই বিষয়টো গুৰুত্বসহকাৰে লৈছে ৷ দলৰ মজিয়াত আলোচনা কৰি ব্যৱস্থা ল'ব বুলি আমাক জনাইছে ৷"— লুৰিণজ্যোতি গগৈয়ে কয়।

Published by:Gautam Barman
First published: