মুখ্যপৃষ্ঠা » খবৰ

» অসম

»উপ–নিৰ্বাচনৰ টিকট বিচাৰি কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ

উপ–নিৰ্বাচনৰ টিকট বিচাৰি কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ

News18 Assam | News18-Assam
Updated:September 12, 2021, 3:02 PM IST
উপ–নিৰ্বাচনৰ টিকট বিচাৰি কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ
ভূপেন বৰাই লগতে জনালে যদিও উপ–নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন আহ্বান কৰা নাই, কিন্তু ইতিমধ্যে বহু প্ৰাৰ্থিত্ব প্ৰয়াসীয়ে বিচাৰিছে টিকট৷

ভূপেন বৰাই লগতে জনালে যদিও উপ–নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন আহ্বান কৰা নাই, কিন্তু ইতিমধ্যে বহু প্ৰাৰ্থিত্ব প্ৰয়াসীয়ে বিচাৰিছে টিকট৷

  • News18 Assam
  • Last Updated: September 12, 2021, 3:02 PM IST
  • Share this:
আসন্ন অসম বিধানসভাৰ ছয়টা সমষ্টিৰ উপ–নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ পৰা বহু প্ৰাৰ্থীয়ে টিকট বিচৰা আৰম্ভ কৰিছে৷ ইয়াৰ বাবে গঠন কৰি দিয়া ছয়খন কমিটীয়ে ১৮ ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ হাতত৷

মহাজোঁট নাই৷ বন্ধুত্ব নাই কংগ্ৰেছ আৰু AIUDFৰ মাজত৷ এনে সন্ধিক্ষণত অকলে অকলে আসন্ন উপ–নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ AIUDF৷ ইতিমধ্যে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে জিলাই জিলাই সভা-সমিতি পাতি দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ বহি থকা নাই তিনি কাৰ্যকৰী সভাপতি ক্ৰমে কমলাক্ষ দে পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ আৰু ৰাণা গোস্বামীও৷

উপ–নিৰ্বাচনত ছয়টা সমষ্টিতে প্ৰাৰ্থিত্ব দিবলৈ সাজু হোৱা কংগ্ৰেছে সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত হৈছে বুলি দেওবাৰে শিলচৰত ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷

ভূপেন বৰাই লগতে জনালে যদিও উপ–নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন আহ্বান কৰা নাই, কিন্তু ইতিমধ্যে বহু প্ৰাৰ্থিত্ব প্ৰয়াসীয়ে বিচাৰিছে টিকট৷ উপ–নিৰ্বাচনৰ বাবে গঠন কৰি দিয়া ছয় কমিটীয়ে ১৮ ছেপ্টেম্বৰৰ ভিতৰত দিব প্ৰতিবেদন৷ এই কথা জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷

ইপিনে প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়েও দেওবাৰে স্পষ্ট কৰিলে- "দল আৰু ৰাইজে বিচাৰিলে মই প্ৰাৰ্থী হ’ম মৰিয়ণি সমষ্টিত৷ দল আৰু বিধায়ক পদ এৰি BJPত যোগদান ৰূপজ্যোতি কুৰ্মীক হৰুৱাবলৈ আমি সাজু৷”
Published by: Sanjay Kumar Das
First published: September 12, 2021, 3:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি