কেন্দ্ৰীয় চৰকাৰক দিলে কৃষক বিৰোধী আখ্যা, কান্ধত নাঙল লৈ গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

News18 Assam | News18-Assam
Updated:September 28, 2020, 2:05 PM IST
কেন্দ্ৰীয় চৰকাৰক দিলে কৃষক বিৰোধী আখ্যা, কান্ধত নাঙল লৈ গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে
গুৱাহাটীৰ চচলত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ সভাপতি ৰিপুণ বৰাৰ

গুৱাহাটীৰ চচলত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ সভাপতি ৰিপুণ বৰাৰ

  • News18 Assam
  • Last Updated: September 28, 2020, 2:05 PM IST
  • Share this:
সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতে তিনিখনকৈ কৃষি বিধেয়ক সংসদৰ উভয় সদনত গৃহীত হোৱাৰ পিছতে এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে কংগ্ৰেছ দল। সোমবাৰে কেন্দ্ৰীয় চৰকাৰক কৃষক বিৰোধী আখ্যা দি ধৰ্ণা কাৰ্য্যসূচী পালন কৰে অসম প্ৰদেশ কংগ্ৰেছে। কৃষক বিৰোধী মোদী চৰকাৰক উৎখাত কৰাৰ হুংকাৰ দিয়ে কংগ্ৰেছে।

গুৱাহাটীৰ চচলত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত সভাপতি ৰিপুণ বৰাৰ উপৰিও প্ৰাক্তন মন্ত্ৰী অকন বৰা, মানস বৰা,  প্ৰদ্যুৎ ভূঞা, কমল মেধি সহ আন বহু সংখ্যক নেতাই অংশগ্ৰহণ কৰে।

গুৱাহাটীৰ চচলৰ ধৰ্ণা কাৰ্য্যসূচীত নাঙললৈ প্ৰতিবাদ সাব্যস্ত কৰা কংগ্ৰেছ নেতৃত্বই সংসদৰ দুয়োখন সদনতে কৃষক বিৰোধী বিধেয়ক গৃহীত হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে। সভাপতি ৰিপুন বৰাই এই সন্দৰ্ভত কয় যে, কৃষক আৰু নিবনুৱাক বিৰোধিতা কৰাৰ বাবেই এই নৰেন্দ্ৰ মোদী চৰকাৰৰ পতন হ’ব।’ কংগ্ৰেছ দলৰ নেতৃত্বই লগতে উল্লেখ কৰে যে, জাতীয় কংগ্ৰেছ দল সদায়েই কৃষক ৰাইজৰ লগত আছে।
Published by: Himangshu Bhuyan
First published: September 28, 2020, 1:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading