‘কোভিড আক্ৰান্তৰ মৃত্যু কামনা কৰে কংগ্ৰেছকে ধৰি একাংশই’- বিস্ফোৰক অভিযোগ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:August 1, 2020, 8:16 AM IST
‘কোভিড আক্ৰান্তৰ মৃত্যু কামনা কৰে কংগ্ৰেছকে ধৰি একাংশই’- বিস্ফোৰক অভিযোগ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ
ক'ভিডক লৈ হৈছে নেকি ৰাজনীতি? মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উত্তৰ

ক'ভিডক লৈ হৈছে নেকি ৰাজনীতি? মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উত্তৰ

  • Share this:
কোভিড সংক্ৰমণ আৰম্ভ হোৱাৰ ৪ মাহ সম্পূৰ্ণ হ'ল অসমত ৷ এতিয়াও বৃদ্ধি হৈয়ে আছে কোৰোণাত আক্ৰান্তৰ সংখ্যা ৷ কিন্তু মহামাৰী কোৰোণাক লৈ চলি আছে নেকি ৰাজনীতি? শেহতীয়াকৈ বিৰোধী দল কংগ্ৰেছৰ লগতে বহু দল-সংগঠন, ব্যক্তি বিশেষেও বহু প্ৰশ্ন কৰিছে শাসকীয় পক্ষলৈ ৷ এনে বহু প্ৰশ্নৰ এতিয়া উত্তৰ দিছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'WHO আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰত্যেকজন কোভিড ৰোগীৰ নামত মূলধন বা পুঁজি অহা বুলি একাংশই ভুৱা প্ৰচাৰ চলাই আছে ৷ দিন-ৰাতি একাকাৰ কৰি ৰাইজৰ মাজত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰভাবে কৰি যোৱা কাম-কাজবোৰক মিছা অপবাদ দি বদনাম কৰাৰ প্ৰচেষ্টা চলাইছে৷।’

কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, , ‘ৰাজ্যৰ স্বাস্থ্যকৰ্মী , চিকিৎসক, নাৰ্চসকলক হতাশাগ্ৰস্থ কৰাৰ এইবোৰ এক নিম্নখাপৰ ৰাজনীতি মাথো৷ কংগ্ৰেছকে ধৰি একাংশই ৰাজ্যত অধিক মানুহ কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱাতো কামনা কৰে যাতে জনসাধাৰণক বিজেপি চৰকাৰ বিফল হৈছে বুলি সমালোচনা কৰি ক্ষমতা দখল কৰিব পাৰে। মানুহৰ মৃতদেহ গচকি ৰাজনীতি কৰিব খোজাসকলক ভগৱানেও ক্ষমা নকৰে৷।’
Published by: Himangshu Bhuyan
First published: August 1, 2020, 8:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading