নতুন দিল্লীৰ আকবৰ ৰোডত থকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব লগা এই বৈঠকখনৰ বিষয়ে ইতিমধ্যে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে টুইটাৰ যোগে অৱগত কৰিছে।
নতুন দিল্লীৰ আকবৰ ৰোডত থকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব লগা এই বৈঠকখনৰ বিষয়ে ইতিমধ্যে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে টুইটাৰ যোগে অৱগত কৰিছে।
বিগত কিছুদিন ধৰি কংগ্ৰেছৰ মাজত থকা অসন্তুষ্টি নিৰাময়ৰ বাবে শনিবাৰে পুৱা ১০ বজাত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে। নতুন দিল্লীৰ আকবৰ ৰোডত থকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব লগা এই বৈঠকখনৰ বিষয়ে ইতিমধ্যে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে টুইটাৰ যোগে অৱগত কৰিছে। জানিব পৰা মতে, এই বৈঠকতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মাজত থকা অসন্তুষ্টি নিৰাময়ৰ বাবে চেষ্টা কৰা হ'ব।
বৈঠকত দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ উপৰিও উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, গোৱা, মণিপুৰ আৰু পঞ্জাৱত হ'ব লগীয়া বিধানসভা নিৰ্বাচনৰ বিষয়েও আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে, এই আটাইকেইখন ৰাজ্যতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি ৰাইজৰ মাজত অসন্তুষ্টি আছে যদিও দলটোৰ মাজত থকা আভ্যন্তৰীণ সংঘাতৰ বাবেই ৰাজ্যখনত কংগ্ৰেছ নেতৃত্ব বেকফুটত থাকিব লগা হৈছে।
কোন হ'ব কংগ্ৰেছৰ পৰৱৰ্তী অধ্যক্ষ?
ইতিমধ্যে কংগ্ৰেছৰ স্থায়ী অধ্যক্ষ নিযুক্তি দিয়াৰ বাবে দলটোৰ জ্যেষ্ঠ নেতা কপিল ছিব্বালে সংবাদমেল অনুষ্ঠিত কৰি নেতৃত্বক আহ্বান জনাইছে। একেদৰে কংগ্ৰেছৰ বৰ্ষীয়ান নেতা গোলাম নবী আজাদেও পূৰ্ণাংগ অধ্যক্ষ বিচাৰি ছোনীয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে। কপিল ছিব্বালে কংগ্ৰেছ নেতৃত্বৰ প্ৰতি সংবাদমেলত মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰি কৈছিল, "কংগ্ৰেছত এতিয়া কোনো স্থায়ী নেতা নাই আৰু দলটোৰ সিদ্ধান্ত সমূহ কোনে লয় সেই বিষয়ে আমি একো নাজানো।" সেয়ে এই বৈঠকতে কংগ্ৰেছৰ পূৰ্ণাংগ অধ্যক্ষ নিৰ্বাচনৰ তাৰিখ নিৰ্ণয় হোৱাৰো সম্ভাৱনা আছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|