দৰঙৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰত চলোৱা উচ্ছেদৰ বিৰোধিতা কৰি মঙলদৈৰ আৱৰ্ত ভৱনত কংগ্ৰেছ দল আৰু কংগ্ৰেছ বিধায়িনী দলে এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত বিজেপি চৰকাৰে মানৱীয় প্ৰমূল্যবোধ পাহৰি হিটলাৰী শাসন চলাইছে বুলি অভিযোগ তোলে।
সংস্থাপন দিয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ বাধা থকাৰ পিছতো দৰং জিলা প্ৰশাসনে কিদৰে উচ্ছেদ কৰিলে বুলি অভিযোগ তোলে সংবাদ মেলত৷ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলিও সংবাদ মেলত দাবী তোলে কংগ্ৰেছৰ দলটোৱে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ লগতে সংবাদ মেলত শিকদাৰে কয় যে উচ্ছেদিত প্ৰতিজন পৰিয়ালেই ভাৰতীয় নাগৰিক। ধলপুৰৰ উচ্ছেদিত লোকসকলক অনতিপলমে মাটিৰ পট্টা দিবলৈ শিকদাৰে দাবী উত্থাপন কৰে চৰকাৰক।
অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে দৰং জিলা প্ৰশাসনে দানৱৰ ৰূপ ধাৰণ কৰি উচ্ছেদ অভিযান চলাইছে বুলি কয়। কাইলৈৰ ভিতৰত উচ্ছেদিত লোকসকলক বিশুদ্ধ খোৱা পানী, পাইখানা আৰু ত্ৰিপালৰ ব্যৱস্থা কৰিবলৈ দাবী তোলে তেওঁ। অন্যথা কংগ্ৰেছে ৰাজ্যজুৰি বৃহৎ আন্দোলন কৰিব বুলি কয়। তাৎক্ষণিকভাৱে তেওঁ প্ৰতিগৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে বুলিও কয়।
সংবাদমেলৰ পূৰ্বে ছিপাঝাৰৰ উচ্ছেদ সন্দৰ্ভত দৰং জিলা উপায়ুক্ত প্ৰভাটি থাউচেনক সাক্ষাৎ কৰা বুলি জানিবলৈ দি অসম প্ৰদেশ কংগ্ৰেছৰ দলটোক উছেদিত অঞ্চল পৰিদৰ্শন কৰাত নিৰাপত্তাৰ দোহাই দি বাধা দিয়া বুলিও উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, মঙলদৈৰ বিধায়ক বসন্ত দাস, বিধায়ক আব্দুল ৰহিম, বিধায়ক নুৰুল হুদাই দৰং জিলা উপায়ুক্তক সাক্ষাৎ কৰি উছেদিত লোকসকলক সংস্থাপন দিয়াৰ লগতে আজিৰ ভিতৰত অন্ন, বস্ত্ৰ, অস্থায়ী বাসস্থান দিয়াৰ ব্যবস্থা কৰাৰ দাবী কৰে।
মঙলদৈৰ বিধায়ক বসন্ত দাসেও এই সমগ্ৰ কাণ্ড গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰি অতি শীঘ্ৰেই উছেদিত লোকসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় জিলা প্ৰশাসনক। উল্লেখ্য যে সোমবাৰে দৰং জিলা প্ৰশাসনৰ উদ্যোগত ৮টাকৈ দলে পৃথকে উচ্ছেদ অভিযান চলাইছিল ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং ধলপুৰ, ২নং ধলপুৰ, ৩নং ধলপুৰ, ভেটিবজাৰ, নতুন বজাৰ, মলুৱাঘাট আদি অঞ্চলত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|