সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হোৱাৰ অফাৰ কংগ্ৰেছৰ! দলত যোগদানৰ আহ্বান

News18 Assam | News18-Assam
Updated:January 11, 2020, 7:51 PM IST
সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হোৱাৰ অফাৰ কংগ্ৰেছৰ! দলত যোগদানৰ আহ্বান
CAA বিৰোধিতাৰে বিজেপি ত্যাগ কৰিবলৈ জাতীয়তাবাদী বিজেপি,অগপৰ বিধায়ককো দিলে প্ৰস্তাৱ।

CAA বিৰোধিতাৰে বিজেপি ত্যাগ কৰিবলৈ জাতীয়তাবাদী বিজেপি,অগপৰ বিধায়ককো দিলে প্ৰস্তাৱ।

  • Share this:
ৰাজপত্ৰিত অধিসূচনা জাৰিৰে সমগ্ৰ দেশতে বলৱৎ হ'ল নাগৰিকত্ব সংশোধনী আইন ৷ আইন বলৱৎ হ'লে আত্মহত্যা কৰিম বুলি এসময়ত হুংকাৰ দিছিল দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই ৷ অতুল বৰাক আত্মহত্যা কৰিব নালাগে বুলি কৈ কংগ্ৰেছত যোগ দিবলৈ প্ৰস্তাৱ আগবঢ়ালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ দেৱব্ৰত শইকীয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈও বিশেষ প্ৰস্তাৱ ৷ "লগত ত্ৰিশজন মান বিধায়কক লৈ সোণোৱাল ডাঙৰীয়া বিজেপিৰ পৰা ওলাই আহক ৷ অগপৰো আহক অলপ বিধায়ক ৷ আমি আছোৱেই ৷ মুখ্যমন্ত্ৰীৰ গাদীত সোণোৱাল ডাঙৰীয়াকে বহুৱাম ৷ এখন বিকল্প চৰকাৰৰ কথা আগতেও কৈছিলো, আজিও কৈছো ৷" কা বলৱৎ হোৱা দিনটোক ক'লা দিন বুলি অভিহিত কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই প্ৰস্তাৱ দিয়াৰ বিপৰীতে প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰৰ অসম বাসীলৈ আহ্বান "আন্দোলন তীব্ৰতৰ হ'ব লাগিব ৷ অসমৰ ৰাইজৰ আৱেগ অনুভূতি নুবুজা চৰকাৰখনক ৰাইজে প্ৰত্যুত্তৰ দিব লাগিব ৷"CAA বলৱৎ কৰি হিটলাৰী শাসন চলাইছে বুলি কৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তুলা-ধূনা দিলে AICCৰ সাধাৰণ সম্পাদক ভূপেন বৰাই ৷"অসমৰ পাঁচজনে মৃত্যুক সাৱটিলে, তাক লৈও ভ্ৰুক্ষেপ নিদিলে! ইমানবোৰ আন্দোলনক অলপো গুৰুত্ব নিদিলে! এইখন কি চৰকাৰ? জাতি,মাটি,ভেটিৰ কথা কোৱা, শৰাইঘাটৰ শেষ ৰণ বুলি কৈ নিৰ্বাচন খেলা চৰকাৰখনে নিজৰ স্বৈৰাচাৰী চৰিত্ৰ উদঙাই দিলে ৷ কিন্তু ইয়াৰ প্ৰত্যুত্তৰ সময়ে দিব ৷ এজন মন্ত্ৰীয়ে এতিয়া ভাতৃঘাটি সংঘৰ্ষ হোৱাৰ মনে প্ৰাণে কামনা কৰিছে ৷"
Published by: Tulika Devi
First published: January 11, 2020, 7:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading