বুধবাৰে শিলচৰত সংবাদ মেল অনুষ্ঠিত কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে অসমৰ কংগ্ৰেছ নেতৃত্বই। প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীগৰাকীক পাতল ব্যক্তি বুলি অভিহিত কৰে। "আমি চৰকাৰক সহযোগ কৰিবলৈ লাইলাপুৰলৈ যাব খুজিছিলোঁ। আমাক লাইলাপুৰলৈ যাব দিয়া নহ'ল।" সংবাদ মেলত এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।
অসমৰ ছগৰাকী ব্যক্তি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ল বুলি অভিযোগ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই। কেইদিনমান পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা অসম, মেঘালয় ভ্ৰমণক ফ্লপ শ্ব' আখ্যা দিয়ে সাংসদ গৌৰৱ গগৈয়ে। অসমৰ ছয় ব্যক্তিৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰে লোকসভাৰ উপ–দলপতি গৌৰৱ গগৈয়ে।
সংবাদ মেলত বিৰোধীৰ উপ–দলপতি ৰকিবুল হুছেইনেও চোকা ভাষাৰে সমালোচনা কৰে চৰকাৰক। কেন্দ্ৰই বিচাৰিলে বৰাক উপত্যকা, গুৱাহাটী, নলবাৰী মিজোৰামক দিম বুলি কোৱাটো দুৰ্ভাগ্যজনক বুলি কয় ৰকিবুল হুছেইনে। লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংবাদ মেলত কয় যে চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা সমস্যা নেডাৰ মুখ্য আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কিয় সমাধান কৰিব নোৱাৰিব। নেডাই কি কেৱল ৰাজনৈতিক সভাহে কৰিব নেকি বুলি প্ৰশ্ন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।
বৰাক, নলবাৰী, গুৱাহাটী মিজোৰামক দিম বুলি মুখ্যমন্ত্ৰীয়ে কোৱাটো দুৰ্ভাগ্যজনক বুলি কয় সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে দুৰ্বল সংবাদ মেল দিছিল বুলিও কয় প্ৰাক্তন সাংসদগৰাকীয়ে।
উল্লেখ্য যে বুধবাৰে পুৱা কংগ্ৰেছৰ প্ৰতিনিধি দলটোক লাইলাপুৰৰ ঘটনাস্থলীত প্ৰৱেশ কৰিব নিদিলে প্ৰশাসনে। ঢলাইতে প্ৰতিবাদ সাব্যস্ত কৰা কংগ্ৰেছৰ দলটোৱে ৰুক্নিৰ শ্বহীদ মজৰুল বৰভূঞাৰ বাসগৃহলৈ গৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। দুঘণ্টা পিছত দলটোৱে শিলচৰ মেডিকেল কলেজলৈ গৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। বিয়লি কংগ্ৰেছৰ নেতাসকলে অনুষ্ঠিত কৰিছিল সংবাদ মেল, য'ত প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থও উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|