মুখ্যপৃষ্ঠা »খবৰ »অসম »‘বিজেপিয়ে অসমখনক ভাগ ভাগ কৰিব বিচাৰিছে, হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি কৰিছে তেনে দৃশ্য ক’তো দেখা নাই’ : জীতেন্দ্ৰ সিং

‘বিজেপিয়ে অসমখনক ভাগ ভাগ কৰিব বিচাৰিছে, হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি কৰিছে তেনে দৃশ্য ক’তো দেখা নাই’ : জীতেন্দ্ৰ সিং

চৰকাৰে পেট্ৰ’ল–ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত বিফল হোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিতেন্দ্ৰ সিঙে।

চৰকাৰে পেট্ৰ’ল–ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত বিফল হোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিতেন্দ্ৰ সিঙে।

  • Share this:
অসম বিধানসভাৰ উপ-নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছে নেতা-পালিনেতাই। দেওবাৰে শিৱসাগৰৰ শিৱদৌলত আশিস ল'লে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে। তেওঁক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ ৰিপুণ বৰা, বিধায়ক দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাই। শিৱদৌলৰ পৰা ওলায়েই বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে জীতেন্দ্ৰ সিং।

বিজেপিয়ে অসমখনক ভাগ ভাগ কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে। ইপিনে  সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীয়ে কেৱল কংগ্ৰেছকে নহয়, সাধাৰণ ভোটাৰ ৰাইজক চৰম বিশ্বাসঘাতকতা কৰিলে বুলি সমালোচনা কৰে সিঙে।

তদুপৰি জীতেন্দ্ৰ সিঙে আৰু কয়, "অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েই বিৰোধী দলৰ বিধায়ক বিজেপিলৈ গ'লে ২০০০ কোটি টকাৰ পেকেজ দিব বুলি যি প্ৰলোভন দিছে, সেয়া সমগ্ৰ দেশৰ বাবেই বিপজ্জনক। মই সমগ্ৰ দেশৰ ৰাজনীতিতে সক্ৰিয় হৈ থাকো। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যি কিনা–বেচাৰ ৰাজনীতি কৰিছে এনেকুৱা দৃশ্য ক'তো দেখা নাই। দেশ তথা অসমৰ ৰাজনীতিৰ বাবে, গণতন্ত্ৰৰ বাবে এয়া দুখৰ কথা।’’

তদুপৰি বিজেপি চৰকাৰে পেট্ৰ’ল–ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত বিফল হোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিতেন্দ্ৰ সিঙে। কংগ্ৰেছৰ বিধায়কসকলে অনাগত দিনত এইবিলাক বিষয়ো শক্তিশালী ৰূপত উত্থাপন কৰিব বুলি আশ্বাস দিয়ে।

ইফালে, ভূপেন বৰাই কয়, "যোৱা ৪ মাহত  ৪ হাজাৰ ৮০০ কোটি  টকা ঋণ লোৱা মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত আহি প্ৰতিটো সমষ্টিতে ২০০০ কোটি টক দিব বুলি প্ৰচাৰ কৰিছে। ইয়াতকৈ ডাঙৰ ফাঁকি কি আছে? ভূপেন বৰাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সম্পৰ্কতো সৰৱ হৈ পৰে। অখিল গগৈক লক্ষ্যভ্ৰষ্ট ধনুকাঁড় বুলি কটাক্ষ কৰি কয় যে অখিলে এতিয়া ১০০০ টকীয়া চিলিণ্ডাৰ মূৰত লৈ ঘূৰি ফুৰিছে। বিজেপিকহে সহায় কৰিছে।"

আনহাতে, অসমীয়া ভাষা আৰু বৰাকক লৈ হৈ থকা বিতৰ্ক সন্দৰ্ভতো বিজেপিৰ প্ৰতি আঙুলি টোৱাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই। তেওঁ কয়, "বিজেপিয়ে কেৱল হিন্দু–মুছলমানৰ মাজতেই নহয়, অসম সকলো জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।"

সাংসদ ৰিপুন বৰায়ো বিজেপিয়ে প্ৰতিশ্ৰুতিহে দিয়ে বাস্তৱত একো নকৰে বুলি সমালোচনা কৰে।

শেহতীয়া বাতৰি