• Home
  • »
  • News
  • »
  • assam
  • »
  • Pradyut Bordoloi: অসমৰ বান সমস্যাৰ বাবে কেন্দ্ৰই ধন নিদিয়াটো লজ্জাজনক, মুখ্যমন্ত্ৰীৰ মন্তব্যৰ সৈতে মই একমত নহয়- প্ৰদ্যুৎ বৰদলৈ

Pradyut Bordoloi: অসমৰ বান সমস্যাৰ বাবে কেন্দ্ৰই ধন নিদিয়াটো লজ্জাজনক, মুখ্যমন্ত্ৰীৰ মন্তব্যৰ সৈতে মই একমত নহয়- প্ৰদ্যুৎ বৰদলৈ

Pradyut Bordoloi: প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ পুঁজিৰে নিৰ্মাণ কৰিলে মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্ত্তি

Pradyut Bordoloi: প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ পুঁজিৰে নিৰ্মাণ কৰিলে মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্ত্তি

Pradyut Bordoloi: প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ পুঁজিৰে নিৰ্মাণ কৰিলে মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্ত্তি

  • Share this:
অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ এগৰাকী অন্যতম কাণ্ডাৰী মিছনেৰী পণ্ডিত মাইলছ ব্ৰনছনৰ এটি প্ৰতিমুৰ্তি বুধবাৰে নগাঁৱত উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই ৷ নগাঁও জিলা সাহিত্য সভাৰ সোনালী জয়ন্তীৰ শুভক্ষণত জিলা সাহিত্য সভাৰ উদ্যোগত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰে শিল্পী লক্ষ্যজিৎ বৰাই নগাঁও বাপিষ্ট মিছনেৰী গীৰ্জাৰ প্ৰাংগণত নিৰ্মাণ কৰি উলিওৱা এই প্ৰতিমুৰ্তি উন্মোচনৰ  লগতে এখনি উদ্যানো  মুকলি কৰাৰ  উপলক্ষে উক্ত স্থানতে দিনৰ ১০-৩০ বজাত  জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হ'ব।

আজি নগাঁৱত এক সংবাদ মেলযোগে এই কথা সদৰি কৰি নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে বৃটিছ শাসন কালত নগাঁৱতেই অসমৰ প্ৰথম জিলা প্ৰশাসন স্থাপন হৈছিল। ১৮৩৬ চনৰ পৰা কিছু বছৰলৈ অসমীয়া ভাষাৰ সলনি প্ৰশাসনীয় কাম কাজত বঙালী ভাষা প্ৰচলন হৈছিল। প্ৰশাসনীয় কাম-কাজত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰিবৰ বাবে বহু কেইজন অসমীয়া লোকৰ লগতে আমেৰিকান মিছনেৰী মাইলছ ব্ৰনছনে চেষ্টা কৰিছিল। ১৮৪১ চনৰ পৰা নগাঁৱত থাকিবলৈ লোৱা মাইলছ ব্ৰনছনে অসমীয়া অভিধান প্ৰকাশ কৰিছিল। এই অভিধান খনত ১৪ হেজাৰ শব্দ আছে। তেওঁ লগতে কয় এইজন মহান ব্যক্তিয়ে কেতিয়াবাই স্বীকৃতি পাব লাগিছিল । এতিয়া নগাঁও জিলা সাহিত্য সভাৰ সহযোগত নগাঁও সাংসদ পুজিৰে মাইলছ ব্ৰনছনৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিওৱা হৈছে। বুধবাৰে এই প্ৰতিমূৰ্তি ৰাইজৰ বাবে মুকলি কৰা হ'ব।

ইপিনে অসমৰ বান সমস্যাৰ সন্দৰ্ভত সাংসদ প্ৰদুৎ বৰদলৈয়ে সাংবাদিকৰ আগত কয় যে অসমৰ বান সমস্যাৰ সমাধান কেন্দ্ৰীয় চৰকাৰৰ সহায় অবিহনে সম্ভৱ নহয়। অসমৰ বান সমস্যাৰ বাবে কেন্দ্ৰই ধন নিদিয়াটো দুৰ্ভাগ্যজনক। কেন্দ্ৰই ধন নিদিয়াত চকু লজ্জা ঢাকিবলৈ কেন্দ্ৰৰ সহায় নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বানপীড়িত ৰাইজক তিনিহাজাৰ টকাৰ সাহাৰ্য্য, দুশ গ্ৰাম মিঠাতেল দিলেই  অসমৰ বান সমস্যা সমাধান নহয়। অসমৰ বান সমস্যাক লৈ লোকসভাত দুখনকৈ জাননী দিয়াৰ কথাও সদৰী কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

বুধবাৰে হ'ব লগা মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ লগতে মুখ্য বক্তাৰূপে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা প্ৰশান্ত দাস উপস্থিত থাকিব ৷ একেটা অনুষ্ঠানতে বিশিষ্ট লিখক পৰাণ কুমাৰ বৰুৱাৰ 'মাইলছ ব্ৰনছন আৰু অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম', ড° থুনু কলিতাৰ 'আইতাৰ জোনাকী চোতাল আৰু তৰা জিলমিল', ড° দিনেশ হাজৰিকাৰ 'কৃষি ব্যৱস্থাপনা খাদ্য আৰু অনান্য', স্বপ্না কলিতাৰ 'দ্বাদশ জ্যোতি লিংগ আৰু সপ্তপুৰী' আৰু স্মৃতা কলিতাৰ 'ওপঁজা গাঁৱৰ চিনাকি ছবি' গ্ৰন্থ কেইখন উন্মোচন হ’ব ৷
Published by:Manjumoni Borah
First published: