உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'আলোপটি চৰ আৰু খানখোৱা চৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰক' , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান সাংসদ আব্দুল খালেকৰ

    'আলোপটি চৰ আৰু খানখোৱা চৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰক' , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান সাংসদ আব্দুল খালেকৰ

    গৰুখুঁটি সম্পৰ্কত বিজেপিৰ স্ব-বিৰোধী স্থিতি। মন্তব্য কৰিলে কংগ্ৰেছী সাংসদগৰাকীয়ে

    গৰুখুঁটি সম্পৰ্কত বিজেপিৰ স্ব-বিৰোধী স্থিতি। মন্তব্য কৰিলে কংগ্ৰেছী সাংসদগৰাকীয়ে

    গৰুখুঁটি সম্পৰ্কত বিজেপিৰ স্ব-বিৰোধী স্থিতি। মন্তব্য কৰিলে কংগ্ৰেছী সাংসদগৰাকীয়ে

    • Share this:
    ধেমাজি, বঙাইগাঁও আৰু ডিমা হাছাওৰ পিছত হিমন্ত চৰকাৰে কেবিনেট মিটিং আলোপটি চৰ আৰু খানখোৱা চৰটো অনুষ্ঠিত কৰক। এই দাবী উত্থাপন কৰা সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক চোকা ভাষাৰে সমালোচনা কৰে।

    ৰাজ্য চৰকাৰৰ কেবিনেট মিটিং সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে। ধেমাজিৰ পিছত ইতিমধ্যে বঙাইগাঁৱত অনুষ্ঠিত হয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেট মিটিং। ধেমাজি, বঙাইগাঁওৰ পিছত এইবাৰ কেবিনেট মিটিং হ'ব পাহাৰীয়া জিলা ডিমা হাছাওত।

    পাহাৰ আৰু ভৈয়ামৰ পিছত আলোপটি চৰ আৰু খানখোৱা চৰটো কেবিনেট অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই কংগ্ৰেছৰ লোক সভাৰ সাংসদ আব্দুল খালেকে। আলোপটি চৰত কেবিনেট হ'লে জলজলি নদীত দলঙো নিৰ্মাণ হ'ব বুলি কয় বৰপেটা লোক সভা সমষ্টিৰ সাংসদ আব্দুল খালেকে।

    ইফালে গৰুখুঁটি সম্পৰ্কত বিজেপিৰ স্ব-বিৰোধী স্থিতি লৈছে বুলি অভিযোগ কৰে সাংসদ গৰাকীয়ে। বিধানসভাৰ মজিয়াত গৰুখুঁটিত বিদেশী নাই বুলি উত্তৰ দিয়ে আৰু বাহিৰত আহি কয় গৰুখুঁটিৰ লোকসকল ৰহিংগীয়া।

    গৰুখুঁটিকলৈ বিগত ২১ বছৰে হিমন্ত বিশ্ব শৰ্মাইহে কুটিল ৰাজনীতিত লিপ্ত হৈছে বুলি গুৰুতৰ অভিযোগ কৰে সাংসদ আব্দুল খালেকে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: