‘হিমন্ত বিশ্ব শৰ্মাক ৰাখক, বাকীসকলক মন্ত্ৰীসভাৰ পৰা আঁতৰাই দিয়ক’- মুখ্যমন্ত্ৰী সোণোৱালক পৰামৰ্শ দিলে এগৰাকী সাংসদে

অসমৰ কোন মন্ত্ৰী কিমান দক্ষ? কিয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাদ দি বাকী মন্ত্ৰীয়ে কৰিব পৰা নাই বিশেষ উন্নয়ণমূলক কাম? কিয় দিব পৰা নাই নিযুক্তি?
অসমৰ কোন মন্ত্ৰী কিমান দক্ষ? কিয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাদ দি বাকী মন্ত্ৰীয়ে কৰিব পৰা নাই বিশেষ উন্নয়ণমূলক কাম? কিয় দিব পৰা নাই নিযুক্তি?
- News18 Assam
- Last Updated: August 29, 2020, 9:18 PM IST
শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই পৰামৰ্শ আগবঢ়াই বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে। শুকুৰবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত নৱ নিযুক্ত শিক্ষকসকলক নিযুক্তি পত্ৰ বিতৰণ কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সন্মুখতে মন্তব্য কৰিছিল যে, তেওঁ দায়িত্ব ল’লেহে শিক্ষক নিযুক্তি অথবা ছাত্ৰ ছাত্ৰীক স্কুটী দিয়া হয়।
মন্ত্ৰী হিমন্তই কৰা মন্তব্যৰ আলম লৈ এতিয়া সাংসদ আব্দুল খালেকে কয় যে, ‘সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ বাকী সকল মন্ত্ৰীৰ যদি কাম নাই তেন্তে তেওঁলোকক আঁতৰাই ৰাজকোষৰ ধন অপচয় কৰা বন্ধ কৰিব লাগে।’