২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰধান বিৰোধী দল জাতীয় কংগ্ৰেছ। ধুবুৰীত বিৰোধী উপ দলপতি ৰকিবুল হুছেইনক আদৰণি জনাইছে লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিধায়কসকলে। আজমলৰ বিৰুদ্ধে ৰকিবুল হুছেইন বৃহৎ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰে বিধায়ককেইগৰাকীয়ে।
লক্ষ্য ২০২৪ চনৰ লোকসভা নিৰ্বাচন। হাই প্ৰফাইল নেতাৰ যুঁজৰ বাবে সাজু ধুবুৰী। ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ মাজত হ'ব নেকি মহাৰণ। কংগ্ৰেছৰ পেডত পেনেলৰ তালিকাত ধুবুৰীত ৰকিবুল হুছেইনৰ নাম দেখি উৎফুল্লিত হৈছে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধায়কসকল। পূব গোৱালপাৰাৰ কংগ্ৰেছৰ বিধায়ক এ কে ৰছিদ আলম আৰু গোলকগঞ্জৰ বিধায়ক ছোভাহান আলি সৰকাৰৰ দাবী ধুবুৰী সমষ্টি আকৌ কংগ্ৰেছে দখল কৰিব।
ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰিলে পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে। বাঘবৰ সমষ্টিৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলি আহমেদক উভতি ধৰিছে পূব গোৱালপাৰাৰ জনপ্ৰতিনিধিগৰাকীয়ে। এ কে ৰছিদ আলমৰ মতে শ্বেৰমান এজন গাদ্দাৰ, চয়তান আৰু দুৰ্নীতিৰ চৰ্দাৰ। গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ যুৱ বিধায়ক ছোভাহান আলি সৰকাৰেও ৰকিবুল হুছেইনক ধুবুৰী সমষ্টিলৈ আদৰণি জনাইছে।
এআইইউডিএফৰ চীফ হুইপ ৰফিকুল ইছলাম আৰু বাঘবৰৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদক ৰকিবুল হুছেইন আৰু কংগ্ৰেছ সম্পৰ্কত মন্তব্য নকৰিবলৈ সকিয়াই দিয়ে। মানকাছৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মতিউৰ ৰহমান মণ্ডলে ইতিমধ্যে ৰকিবুল হুছেইনক আজমলৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী বুলি অভিহিত কৰিছে। ৰকিবুল হুছেইনেও ৭ ফেব্ৰুৱাৰীৰ পৰা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিলৈ গৈ সভা অনুষ্ঠিত কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|