পাঁচটা সমষ্টিৰ উপ নিৰ্বাচন হৈ যোৱাৰ পিছত প্ৰতিদিনেই চৰ্চাত আছে আৰু কোন কোন বিৰোধী বিধায়কে যোগদান কৰিব বিজেপিত ৷ পিছে বিজেপিয়ে এতিয়া বন্ধ কৰিব বিচাৰিছে যোগদানৰ দুৱাৰ ৷ চৰ্ত দি আহিব খোজা সকল আহিব নোৱাৰিব বিজেপিলৈ ৷ বিৰোধী শিবিৰৰ পৰা ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাই,ফণীধৰ তালুকদাৰৰ পিছে পিছে আৰু বহুকেইজন কংগ্ৰেছী বিধায়ক গেৰুৱা হ'ব বুলি চলি আছে ব্যাপক চৰ্চা ৷
ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই ক'লে,"বিনাচৰ্তে কোনোবা আহিব খুজিছে সেয়া ঠিক ৷ কিন্তু চৰ্ত ৰাখি কেনো আহিব নেৱাৰিব ৷ কাৰণ বিজেপিত নেতা নালাগে ৷ লাগে কাৰ্যকৰ্তাহে ৷ আমাৰ হাতত দীঘলীয়া তালিকা আছে ৷ আমি নামবোৰ ক'ব খোজা নাই ৷"
অৰ্থাৎ কোনোবাই উপনিৰ্বাচনৰ টিকট বিচাৰি বিজেপিলৈ আহিব খুজিলে বিজেপিয়ে গ্ৰহণ নকৰে তেনে নেতাক ৷ বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিৰ জাতত উঠিব খুজিলেহে আহিব পাৰিব বিজেপিলৈ ৷ লগতে জয়ন্ত মল্ল বৰুৱাৰ ভাষ্যত ওলাল তালিকা হেনো দীঘলীয়া ৷ আহিব বিচাৰিছে হেনো বহু কেইজন বিধায়ক ৷ আনকি জনগাঁথনিৰ প্ৰভাৱ থকা ভৱানীপুৰৰ নিৰ্বাচনী ফলাফলত সমষ্টিটোত বিজেপিৰ বিজয় ধ্বজা উৰাত জনগাঁথনিৰ প্ৰভাৱ থকা সমষ্টিৰ বিধায়কো আহিব বিচাৰিছে এতিয়া বিজেপিলৈ ৷ পিন্ধিব খুজিছে গেৰুৱা বসন ৷ এই কথাৰে যেন একপ্ৰকাৰ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বৰক্ষেত্ৰীৰ দিগন্ত বৰ্মন, বটদ্ৰৱাৰ শিবামণি বৰাকে যেন বুজালে জয়ন্ত মল্ল বৰুৱাই ৷
মুঠৰ ওপৰত এটা কথা স্পষ্ট হৈছে যে, মাজুলীৰ সৈতে আৰু বহু কেইটা সমষ্টিত হ'ব উপ নিৰ্বাচন ৷ দল সলোৱা নেতাক বাৰে বাৰে এতিয়া ভোট দি থকাতহে জোৰ সমষ্টিবাসীৰ ৷ এপ্ৰিলত ভোট দি উঠি ছটা মাহৰ পিছত থাওৰা,মৰিয়নী, ভৱানীপুৰ,গোঁসাইগাঁও, তামুলপুৰৰ ৰাইজে ভোট দিব লগীয়া হ'ল অক্টোবৰত ৷ গোঁসাইগাঁও,তামুলপুৰক বাদ দি আন তিনিওটা সমষ্টিৰ বিধায়কে দল সলোৱাত ছমাহতে দুবাৰকৈ ভোট দিলে থাওৰা, মৰিয়নী, ভৱানীপুৰৰ ৰাইজে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|