আগষ্ট মাহৰ শেষৰ ফালে বিজেপিত যোগ দিব ভৱানীপুৰ সমষ্টিৰ AIUDF বিধায়ক ফণী তালুকদাৰে।
আগষ্ট মাহৰ শেষৰ ফালে বিজেপিত যোগ দিব ভৱানীপুৰ সমষ্টিৰ AIUDF বিধায়ক ফণী তালুকদাৰে।
সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত বিজেপিত যোগদান কৰাটো এক প্ৰকাৰ নিশ্চিত হ'ল থাওৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁইৰ। অহা ১ আগষ্টত বিজেপিত যোগদান কৰিব সুশান্ত বৰগোঁহাইয়ে। বৃহস্পতিবাৰে এই কথা জনালে ৰাজ্যিক বিজেপিৰ সবাপতি ভৱেশ কলিতাই। আনহাতে আগষ্ট মাহৰ শেষৰ ফালে বিজেপিত যোগ দিব ভৱানীপুৰ সমষ্টিৰ AIUDF বিধায়ক ফণী তালুকদাৰে।
আনহাতে ৰাজ্যত হ'বলগীয়া ছটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপি সম্পূৰ্ণ ৰূপে সাজু বুলিও জনাই ৰাজ্যিক সভাপতিগৰাকীয়ে। উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটা হ'ল- গোসাঁইগাওঁ, তামোলপুৰ, মৰিয়নি, মাজুলী, থাওৰা আৰু ভৱানীপুৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|