
প্ৰদীপ হাজৰিকা, আশ্ৰাফুল হুছেইনৰ পিছত কোভিড আক্ৰান্ত হৈ এইবাৰ চিকিৎসাধীন হৈছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদ। শিলচৰৰ Green Heals Hospital ত চিকিৎসা চলি আছে ছিদ্দিক আহমেদৰ।
প্ৰদীপ হাজৰিকা, আশ্ৰাফুল হুছেইনৰ পিছত কোভিড আক্ৰান্ত হৈ এইবাৰ চিকিৎসাধীন হৈছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদ। শিলচৰৰ Green Heals Hospital ত চিকিৎসা চলি আছে ছিদ্দিক আহমেদৰ।
প্ৰদীপ হাজৰিকা, আশ্ৰাফুল হুছেইনৰ পিছত কোভিড আক্ৰান্ত হৈ এইবাৰ চিকিৎসাধীন হৈছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদ।
প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ চিকিৎসা সম্প্ৰতি শিলচৰৰ Green Heals Hospital ত চলি আছে। শৰীৰত অক্সিজেনৰ পৰিমান যথেষ্ট হ্ৰাস পাইছে ছিদ্দিক আহমেদৰ। ২০০১,২০০৬,২০১১ আৰু ২০২১ চনত বৰাক উপত্যকাৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পৰা জয়লাভ কৰা ছিদ্দিক আহমেদৰ খবৰ জানিব পাৰি অধিক চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, উপাধাক্ষ ডা: নোমল মমিন, বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু উপ দলপতি ৰকিবুল হুছেইনৰ উপৰি অন্যান্য বিধায়ক সকল। সকলোৱে ছিদ্দিক আহমেদৰ আশু আৰোগ্য কামনা কৰে। এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা সোনাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই ছিদ্দিক আহমেদক শিলচৰতে ৰাখি সকলো ধৰনৰ উন্নত চিকিৎসা আৰু পৰ্য্যাপ্ত অক্সিজেন যোগান ধৰিবলৈ চৰকাৰক অনুৰোধ জনায়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|