বিধানসভাৰ প্ৰৱেশ দ্বাৰতে শুলে কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী! আমনি নকৰি অধ্যক্ষই সলালে পথ

News18 Assam | News18-Assam
Updated:December 4, 2019, 5:44 PM IST
বিধানসভাৰ প্ৰৱেশ দ্বাৰতে শুলে কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী! আমনি নকৰি অধ্যক্ষই সলালে পথ
প্ৰতিদিনে চৰ্চাত ইজনৰ পিছত সিজন কংগ্ৰেছী বিধায়ক

প্ৰতিদিনে চৰ্চাত ইজনৰ পিছত সিজন কংগ্ৰেছী বিধায়ক

  • Share this:
প্ৰতিদিনে চৰ্চাত ইজনৰ পিছত সিজন কংগ্ৰেছী বিধায়ক ৷ মঙলবাৰে নিজৰ হাত কাটি প্ৰতীকী প্ৰতিবাদ কৰি চৰ্চাত আছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ বুধবাৰে চৰ্চাত থাকিল আন এজন কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী ৷ কিন্তু কেনেকৈ? এঘণ্টা,দুঘণ্টা নহয়; চাৰে তিনি ঘণ্টা!  চাৰে তিনি ঘণ্টা অৱৰোধ কৰি ৰাখিলে বিধানসভাৰ প্ৰৱেশ দ্বাৰ ৷



শ্বেৰমান আলীয়ে বিচাৰিছিল নতুন ভূমি নীতিক লৈ আলোচনা ৷ আলোচনাৰ অনুমতি লাভ নকৰাত শ্বেৰমানে উত্তাল কৰিছিল সদন ৷ বাৰম্বাৰ বুজনি দিয়াতো শ্বেৰমান ক্ষান্ত নোহোৱাত অধ্যক্ষই মাৰ্শ্বাল লগাই বিধানসভাৰ পৰা বহিষ্কাৰ  কৰিলে শ্বেৰমান আলীক ৷ মাশ্বাল লগাই বিধানসভাৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে ,বিধানসভাৰ মূল প্ৰৱেশদ্বাৰ ভেটি শুই শুই প্ৰতিবাদ সাব্যস্ত কৰিলে শ্বেৰমান আলীয়ে ৷



শ্বেৰমান আলীক মাজে মাজে সংগ দিলে কমলাক্ষ দে' পুৰকায়স্থ, দেৱব্ৰত শইকীয়া, ৰেকিবুদ্দিন আহমেদে ৷ এবাৰ কাষতে বহিল AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামো ৷ শ্বেৰমান আলীৰ প্ৰতিবাদে বিবুদ্ধিত পেলালে শাসকীয় মন্ত্ৰী বিধায়কক ৷ কোনোবাই যদি পথ সলাই আন পথেৰে গ'ল আন কোনোবাই আকৌ অকণমান ঠাই উলিয়াই কাষেৰে পাৰ হৈ গ'ল শ্বেৰমানৰ ৷ বহুতে জুমি চালে শ্বেৰমানক ৷ অধ্যক্ষইও সলাব লগীয়া হ'ল নিজৰ পথ ৷ দীৰ্ঘসময় ধৰি নিৰাপত্তাৰক্ষীৰ মাজত এইদৰেই শুই থাকিল শ্বেৰমান আলী ৷ চাৰে তিনিঘণ্টীয়া প্ৰতিবাদ সামৰি শ্বেৰমান আলীয়ে ক'লে,

প্ৰথমে খিলঞ্জীয়াৰ সংজ্ঞা তাৰ পিছতহে ভূমি নীতি ৷ অন্যথা ৰাজ্যত সৃষ্টি হ'ব অশান্তিৰ ৷ হ'ব ভাতৃঘাটি সংঘাত ৷ ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি বিঘ্নিত হ'লে তাৰ বাবে দায়ী হ'ব বিজেপি মিত্ৰজোট চৰকাৰ ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি