আকৌ কংগ্ৰেছ দলত মোক্ষত আঘাত! এইবাৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিবলৈ মন মেলিছে ৰহাৰ বিধায়ক শশীকান্ত দাসৰ। অসম বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই স্পষ্ট হৈ পৰিল ছবি। ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ভৰি চুই সেৱা কৰি ক'লে- 'মই চৰকাৰৰ পক্ষত থাকিম।' উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থী বিষ্ণু দাসক পৰাস্ত কৰি ৰহাৰ পৰা বিধানসভালৈ আহিছিল শশীকান্ত দাস।
শশীকান্ত দাসে বিজেপিত যোগ দিবলৈ মন মেলাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যে, 'দুটা পৰ্যায়ত বিধায়ক আমাৰ মাজলৈ আহিব। আগতে দল এৰি BJPত যোগ দিছিল ৷ এতিয়া চৰকাৰৰ পক্ষত থাকিব ৷ ৰহাৰ বিধায়ক শশীকান্ত দাসে চৰকাৰত থাকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে আৰু আমি তেওঁক আদৰিছো ৷ এনেকৈ আৰু আহি থাকিব। বহুতেই যোগাযোগ কৰি আছে ৷ কিন্তু আমাৰ গেলেৰীটো সৰু ৷ অধ্যক্ষই গেলেৰীটো ডাঙৰ কৰি দিলে বাকী সকলো আহিব।'
ইফালে এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে,' কেতিয়া যোগদান কৰিব সেয়া ডাঙৰ কথা। তেওঁ আজিয়েই শাসকীয় পক্ষৰ লবীত বহিছে। উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰী পক্ষত থাকিব খুজিছে শশীকান্ত দাসে। বিজেপিৰ সভাপতি হিচাপে আমাৰ লবীলৈ শশীকান্ত দাসক আদৰিলো। বহুদিনৰ পৰা তেওঁ যোগাযোগত আছিল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|