‘সৰ্বদিশতে বিফল বিজেপিত যোগদান কৰি মোৰ হাৰিবলৈ মন নাই’-কংগ্ৰেছ-AIUDFৰ মিত্ৰতাও বিৰোধ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে

News18 Assam | News18-Assam
Updated:August 21, 2020, 5:26 PM IST
‘সৰ্বদিশতে বিফল বিজেপিত যোগদান কৰি মোৰ হাৰিবলৈ মন নাই’-কংগ্ৰেছ-AIUDFৰ মিত্ৰতাও বিৰোধ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে
মই বিজেপিলৈ নাযাও বুলি আজি NEWS18 ৰ যোগেদি স্পষ্ট কৰি দিছোঃ ৰূপজ্যোতি কুৰ্মী

মই বিজেপিলৈ নাযাও বুলি আজি NEWS18 ৰ যোগেদি স্পষ্ট কৰি দিছোঃ ৰূপজ্যোতি কুৰ্মী

  • Share this:
বিধান সভা নিৰ্বাচনৰ পূৰ্বে অসমত বিজেপি দলক ৰোধিবলৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মহাজোঁট বন্ধনকলৈ চৰ্চা চলি থকা সময়তে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ক্ষোভ প্ৰকাশ কৰিছে।

NEWS18ৰ সৈতে হোৱা  এক সাক্ষাৎকাৰত বিধায়কগৰাকীয়ে কয় যে, "কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাৰ মই তীব্ৰ বিৰোধিতা কৰিছো। কংগ্ৰেছ দলৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বই মনত পেলাওক ২০০১ চনৰ আগলৈ। সেই সময়ত কংগ্ৰেছৰ দলৰ অৱস্থা ভাল নাছিল। আমাৰ টকা পইচা নাছিল। এ পি চি চিৰ সভাপতিৰ মাত্ৰ এখন টা টা চুমু গাড়ী আছিল। কিন্তু আমি তেতিয়া কষ্ট কৰিছিলো আৰু কেন্দ্ৰৰ অটল বিহাৰী বাজপেয়ীৰ বিজেপি চৰকাৰ আৰু অসমৰ প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰৰ গুপ্তহত্যা, পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰা, নিযুক্তি বন্ধ ৰখা আদি ভূল নীতি সমুহ ৰাইজক অৱগত কৰি ২০০১ চনত আমি কংগ্ৰেছে অকলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলো।’

‘ঠিক সেইদৰে এতিয়াও যদি আমি ২০১৪ চনৰ পূৰ্বে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰা বিষয়সমূহ ৰাইজৰ কাষলৈ লৈ যাব পাৰো তেতিয়া আমি পুনৰ ৰাইজৰ আস্থা জয় কৰিব পাৰিম আৰু ৰাইজে আমাক ভোট দি জিকাব।’

বিধায়ক ৰূপজ্যোতিয়ে লগতে কয় যে, "এ আই ইউ ডি এফৰ আজিৰ যি স্থিতি সেয়া একেবাৰে বেয়া। এ আই ইউ ডি এফৰ শিক্ষিত বিধায়সকল কংগ্ৰেছত যোগদান কৰিছে।সকলোৱে জানে এ আই ইউ ডি এফে ধৰ্মক লৈ ৰাজনীতি কৰে।’

বিধায়কগৰাকীৰ মতে, কংগ্ৰেছ দলে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদী শিবিৰ সমুহক লগত লৈ আগবাঢ়িব লাগে আৰু অন্য ৰাজনৈতিক দলৰ সহায় লব নালাগে বুলি দলীয় নেতৃবৰ্গৰ প্ৰতি আহ্বান জনায়। আনহাতে ৰূপজ্যোতি কুৰ্মীয়ে বিজেপি দলত যোগদান কৰিব বুলি চৰ্চা চলা সন্দৰ্ভত কয় যে "এতিয়া মই বিজেপিত যোগদান কৰিলে ৰাইজৰ ৰোষত পৰিম। নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ, দেশৰ ৰাজহুৱা সম্পতি বিক্ৰী কৰি সৰ্বদিশতে বিফল হোৱা বিজেপি দলত যোগদান কৰি মোৰ হাৰিবলৈ মন নাই। মই বিজেপিলৈ নাযাও বুলি আজি NEWS18 ৰ যোগেদি স্পষ্ট কৰি দিছো"।
Published by: Himangshu Bhuyan
First published: August 21, 2020, 5:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি