চেনেলৰ কমেডী শ্ব'ৰ হ'ষ্ট হওক ভূপেন: জয়ন্ত মল্ল বৰুৱা
চেনেলৰ কমেডী শ্ব'ৰ হ'ষ্ট হওক ভূপেন: জয়ন্ত মল্ল বৰুৱা
কবিতা আৰু গানেৰে শাসকীয় BJP নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকলৈ এতিয়া সৰৱ শাসকীয় বিজেপি ৷ দলটোৰ প্ৰায় সংখ্যক মন্ত্ৰী-বিধায়কে উভতি ধৰিছে ভূপেন বৰাক ৷ কিন্তু ভূপেন বৰাৰ পক্ষত ঠিয় হৈ কংগ্ৰেছৰ একাংশ বিধায়কেও আক্ৰমণ কৰিছে শাসকীয় BJPক ৷
BJP নেতৃত্বাধীন ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক গান আৰু কবিতা লিখি সমালোচনা কৰা আৰম্ভ কৰিছে ভূপেন বৰাই ৷ আনকি ভূপেন বৰাই নিজৰ গানটো জুবিন গাৰ্গক গাবলৈও জনালে আহ্বান ৷ ইয়াৰ পিছতে শুকুৰবাৰে ভূপেন বৰাক উভতি ধৰিলে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷ বৰুৱাই ক'লে- “চেনেলৰ কমেডী শ্বৰ হ'ষ্টৰ দায়িত্ব লওক ভূপেন বৰাই ৷ এতিয়া ভূপেন বৰাই জুবিন গাৰ্গকো বদনামী কৰিব ৷”
শাসকীয় পক্ষৰ পৰা এনেধৰণৰ আক্ৰমণ পাই বহি নাথাকিল বিৰোধী কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল ৷ দলীয় সভাপতিৰ হৈ ঠিয় হৈ মণ্ডলে ক'লে- “অম্বিকাগিৰি ৰায় চৌধুৰী, বিষ্ণু ৰাভাৰ কাম ভূপেন বৰাই কৰি আছে ৷ কবিতা, গীতৰ জৰিয়তে মানুহক জগাব বিচাৰিছে তেওঁ ৷ বিষ্ণু ৰাভাই যেনেদৰে গীতৰ দ্বাৰা মানুহক জগাইছিল, তেনেদৰে ভূপেন বৰাই মানুহক জগাইছে ৷ অম্বিকাগিৰিয়ে কবিতাৰে মানুহক জগোৱাৰ দৰে ভূপেন বৰাইও অসমীয়া সত্তাক জগাইছে ৷ শিল্পী বিখ্যাতো হ'ব পাৰে অখ্যাতো হ'ব পাৰে ৷ ৰাজনীতিত কবিতা, গান, নাট, প্ৰৱন্ধৰ প্ৰয়োজন আছে ৷ ভূপেন বৰাই অসমবাসীক জগাবলৈ অম্বিকাগিৰি, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ পথ লৈছে ৷”
বহি নাথাকিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ জাকিৰে ক'লে- “গান আৰু কবিতা সকলোয়ে লিখিব নোৱাৰে ৷ ভূপেন বৰাই গান আৰু কবিতা লিখি চৰকাৰক সজাগ কৰিছে ৷”
এতিয়া এনেদৰেই ভূপেন বৰাৰ গান আৰু কবিতাক লৈ সৰৱ চৰ্চা চলিছে শাসক-বিৰোধীৰ মাজত ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|