‘বাধ্যত পৰি হোৱা মুছলমানৰ অবৈধ সন্তান নেকি মমিনুল আৱাল?’এজন কংগ্ৰেছী বিধায়কৰ বিস্ফোৰক মন্তব্য

News18 Assam | News18-Assam
Updated:February 10, 2020, 2:34 PM IST
‘বাধ্যত পৰি হোৱা মুছলমানৰ অবৈধ সন্তান নেকি মমিনুল আৱাল?’এজন কংগ্ৰেছী বিধায়কৰ বিস্ফোৰক মন্তব্য
মমিনুল আৱাল

নোমল মোমিন আৰু মমিনুল আৱালৰ মন্তব্যৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ বিধায়ক এ কে ৰচিদ আলমৰ

  • Share this:
মানকাৰত বাংলাদেশী মুছলমানসকলে চুৰি–ডকাইতি কৰি টকা জমা কৰি মাটি কিনি কিনি জনগোষ্ঠী, জনজাতিসকলক সংখ্যালঘূ কৰিছে। সাংসদ আজমল আৰু বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলে মানকাচৰত বাংলাদেশীৰ সংখ্যা বঢ়াই আছে। ভাটিয়া মুছলমানক উৎখাত কৰাৰ বাবে মই ধুবুৰীৰ পৰা লোকসভা নিৰ্বাচন খেলিম। ভাটিয়া মুছলমান আমাৰ শত্ৰু, দেশী মুছলমান আমাৰ বন্ধু।’ –মন্তব্য ডাঃ নোমল মমিনৰ।

নোমল মোমিন আৰু মমিনুল আৱালৰ মন্তব্যৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ বিধায়ক এ কে ৰচিদ আলমৰ। কংগ্ৰেছ বিধায়কজনৰ বিস্ফোৰক অভিযোগ নোমল মোমিন আৰু মমিনুল আৱালৰ বিৰুদ্ধে।

ৰছিদ আলমে কয় যে,  ‘গাৰো সকলৰ হৈ নোমল মোমিনে বিধান সভাত আজিলৈকে এটা মাতো মতা নাই  ৷ মই সদনত গাৰো সমস্যাকৈ মাত মাতোতে তেখেতৰ সমৰ্থন বিচাৰিছিলো কিন্তু তেখেতে সমৰ্থন নিদিলে ৷’

বিধায়কজনে লগতে কয় যে, ‘নোমল মোমিন আৰু মোমিনুল আৱালৰ ডি এন এ টেষ্ট কৰাব লাগে ৷ বাধ্যত পৰি মোগলৰ দিনত স্থানীয় বহুলোক মুছলমান হৈছিল ৷ নাৰী আসক্তিৰ বাবেই মোগল সাম্ৰাজ্য ধ্বংস হৈছিল ৷ মমিনুল আৱাল তেনে বাধ্যত পৰি হোৱা মুছলমানৰ অবৈধ সন্তান নেকি? বুলি প্ৰশ্ন কৰে কংগ্ৰেছৰ বিধায়কজনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি