মুখ্যপৃষ্ঠা »খবৰ »অসম »Rakibul Hussain: অযথা সন্দেহে গিৰিয়েক-ঘৈণীয়েকৰ সংসাৰ ভাঙে- সংবাদমেল পাতি কাৰ সংসাৰৰ কথা ক'লে ৰকিবুলে?

Rakibul Hussain: অযথা সন্দেহে গিৰিয়েক-ঘৈণীয়েকৰ সংসাৰ ভাঙে- সংবাদমেল পাতি কাৰ সংসাৰৰ কথা ক'লে ৰকিবুলে?

Rakibul Hussain: সংবাদ মেলত বিজেপিক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ শাসনকালত ৰাইজক কৰা প্ৰতাৰণাৰ কথাও আওপকীয়াকৈ স্বীকাৰ কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে।

Rakibul Hussain: সংবাদ মেলত বিজেপিক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ শাসনকালত ৰাইজক কৰা প্ৰতাৰণাৰ কথাও আওপকীয়াকৈ স্বীকাৰ কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে।

Rakibul Hussain: সংবাদ মেলত বিজেপিক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ শাসনকালত ৰাইজক কৰা প্ৰতাৰণাৰ কথাও আওপকীয়াকৈ স্বীকাৰ কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে।

  • Share this:
এইবাৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন (Rakibul Hussain)ৰ মুখত গিৰিয়েক-ঘৈণীয়েকৰ সংসাৰ ভঙা পতাৰ প্ৰসংগ। শুকুৰবাৰে নগাঁৱৰ নিজা বাসভৱনত এক সংবাদমেলৰ আয়োজন কৰি  কিদৰে এখন সংসাৰ ভাঙি চুৰমাৰ হয় তাৰ ব্যাখ্যা দাঙি ধৰিলে বিৰোধী দলৰ উপ দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। অযথা সন্দেহে এখন সংসাৰ ভাঙি পেলোৱাৰ উপমা দি ৰাষ্ট্ৰপতি নিৰ্বাচনত হোৱা ক্ৰছ ভোটিং (Cross Voting) সন্দৰ্ভত মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।

ক্ৰছ ভোটিঙৰ নামত একাংশ বিৰোধীয়ে কংগ্ৰেছত ভাঙোন আনিব বিচাৰিছে বুলি মন্তব্য কৰি কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয় দলীয় মজিয়াতে আলোচনা কৰাৰ কথা উল্লেখ কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে।

আনহাতে বিজেপি (BJP) চৰকাৰৰ আমোলত হোৱা মূল্যবৃদ্ধিৰ বাবেই বৰ্তমান মানুহৰ অৱস্থা নাইকীয়া হৈছে বুলি মন্তব্য কৰি ৰকিবুলে কয়, "আজিকালি মানুহ ঘৰৰ পৰা নোলোৱা হৈছে। সকলোৱে ভাবিছে গৰমৰ কাৰণে মানুহ বাহিৰলৈ ওলাই অহা নাই। পিছে আচলতে মূল্যবৃদ্ধিৰ কাৰণহে মানুহে বাহিৰলৈ ওলাব নোৱাৰা হৈছে।"

সংবাদ মেলত বিজেপিক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছ শাসনকালত ৰাইজক কৰা প্ৰতাৰণাৰ কথাও আওপকীয়াকৈ স্বীকাৰ কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে। বিজেপি শাসনকালত হোৱা মূল্যবৃদ্ধিৰ কথা উল্লেখ কৰি কংগ্ৰেছ চৰকাৰৰ দিনত কিদৰে ৰাইজক মূৰ্খ সজোৱাৰ চেষ্টা কৰা হৈছিল সেই কথাও স্বীকাৰ কৰিলে ৰকিবুল হুছেইনে। কংগ্ৰেছে শাসন চলোৱাৰ সময়ত ৰাইজৰ মন সমস্যাৰাজিৰ পৰা আতৰাই কংগ্ৰেছৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা কৰিছিল যদিও ৰাইজে কাঠগড়াত থিয় কৰাই নিৰ্বাচনত কংগ্ৰেছক পৰাজিত কৰে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে।

শেহতীয়া বাতৰি