গোপনে অসমত বিদ্যুতৰ বিল বৃদ্ধি কৰা হৈছে। পিছে এই ইছ্যুবোৰ নাইকিয়া কৰিবলৈকো মুখ্যমন্ত্ৰী ব্যস্ত পাঠানক লৈ। মুখ্যমন্ত্ৰীৰ বাবেই অসমত পাঠান চলিল। -নগাঁও ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰিলে বিধায়ক ৰকিবুল হুছেইনে (MLA Rakibul Hussain)। ৰকিবুলে লগতে ক'লে, "পাঠান এখন থাৰ্ড ক্লাছ চিনেমা। মই দিল্লীত পাঠানৰ ইমান ভিৰ দেখা নাই। পিছে অসমত মুখ্যমন্ত্ৰী ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ বাবেই পাঠান চলিল। শ্বাহৰুখ খানে (Shah Rukh Khan) অসমত কোটি কোটি টকা উপাৰ্জন কৰিলে।"
ইপিনে মুখ্যমন্ত্ৰীয়ে (CM Himanat Biswa Sarma) শ্বাহৰুখ খানক চিনি নাপাওঁ বুলি কৰা মন্তব্য সন্দৰ্ভত ৰকিবুলে নাম নোলোৱাকৈ কটাক্ষ কৰি কয়, এসময়ত শ্বাহৰুখ খানক চাবলৈ ঘৰৰ সন্মুখত ৰৈ থকাজনে এতিয়া আকৌ শ্বাহৰুখ খানক চিনি নাপায়।
আনহাতে পাঠান (Pathaan Film)ক সমালোচনা কৰি পুনৰ কয়- "পাঠান চাবলৈ মই পৰিয়াল লৈ গৈছিলোঁ। কিন্তু চিনেমাখন চাই ইমানেই বেয়া লাগিল যে মই আধা চাই ঘৰলৈ উভতি ঘূৰি আহিলোঁ। মুখ্যমন্ত্ৰীয়ে পাঠানৰ প্ৰচাৰ কৰাৰ বাবে শ্বাহৰুখ খানে নিশ্চয় তেওঁক ধন্যবাদ জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।