শিৱসাগৰত আজি বিৰোধী দলৰ উপ দলপতি তথা বিধায়ক ৰকিবুল হুছেইনে এক সংবাদমেল সম্বোধন কৰি চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে। উজনিত ৰাষ্ট্ৰীয় ঘাইপথ বিধ্বস্ত হৈ আছে যদিও চৰকাৰে মেৰামতিত গুৰুত্ব নিদিয়ে বুলি সমালোচনা কৰে হুছেইনে ।
ৰকিবুল হুছেইনে কয় "উৰাজাহাজত নহয় , মুখ্যমন্ত্ৰীয়ে ৫৫ কিলোমিটাৰ স্পীডত গাড়ীত যাওক । তেতিয়াহে গম পাব যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ পথৰ অৱস্থা । চৰকাৰে টোলগেট বনোৱাতহে গুৰুত্ব দিছে । টোল টেক্স লোৱাত গুৰুত্ব দিয়াতকৈ ৰাষ্টা বনোৱাত গুৰুত্ব দিয়ক চৰকাৰে ।"
বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিকূলৰ দুৰ্ঘটনাত মৃত্যু ঘটনাৰ হাইকৰ্টৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত দাবী ৰকিবুলৰ । ইফালে এনকাউন্টাৰ সম্পৰ্কতো বিস্ফোৰক মন্তব্য হুছেইনৰ । বৰ্তমানৰ মুখ্য মন্ত্ৰীয়ে এসময়ত কৈছিল পাপ কৰিলে হেৰি হয় বুলি । এতিয়া যদি এইবোৰ পাপ হৈছে তেন্তে হেৰিৰ নিচিনা কিবা হ'ব । এনকাউন্টাৰ সম্পৰ্কত ৰকিবুল ।
শিৱসাগৰত কংগ্ৰেছ আমোলত হোৱা শিক্ষক নিযুক্তি কেলেংকাৰী সম্পৰ্কতো কেলেংকাৰীৰ প্ৰসংগ এৰাই চলিলে ৰকিবুল হুছেইনে। এতিয়া কেলেংকাৰীৰ কথা কোৱাসকলে নিজৰ গাট চিকুটি চাওক । APSC কেলেংকাৰীৰ সময়তো এখন তালিকা ওলাইছিল । তালিকাখন কাৰ আছিল সকলোৱে জানে । সেই তালিকা অন্তৰ্ধান হ'ল । এতিয়া সেইসকলেই চিকাৰী দেখি উট পক্ষী হৈছে । বালিত মূৰ গুজি নিজক বচাব খুজিছে ।
মুখ্যমন্ত্ৰীগৰাকী নিজে সকলো হ'ব পাৰে । ধৰ্মগুৰু ,সাহিত্যিক, অৰ্থশাস্ত্ৰজ্ঞ সকলো হ'ব পাৰে তেওঁ । মুখ্যমন্ত্ৰীয়ে ইমান ব্যস্ততাৰ মাজতো কিতাপ লিখিব পাৰে। কিন্তু ভূপেন বৰা বা মই কবিতা এটা লিখিলে অপৰাধ হয় । ৰাজনীতিকৰ মুখত শেহতীয়াকৈ কবিতা ওলোৱাৰ সম্পৰ্কত ৰকিবুলৰ বক্তব্য ।
ইফালে সাংবাদিকক উদ্দেশ্যি ৰকিবুলৰ টিপ্পনি - এতিয়া কথা আপোনালোকেও সুধিব নোৱাৰে ,উলিয়াব নোৱাৰে আৰু আমিও ক'ব নোৱাৰো । কাৰণ এনকাউন্টাৰৰ ভয় ।
এতিয়া অসমত সন্ধিয়াৰ আড্ডাত আলোচনা হৈ চিকিউৰিটি প্ৰত্যাহাৰ হয় । ময়ো এসময়ত এনে আড্ডাত বহিছিলো । মোৰ ওপৰত চাৰিবাৰ আক্ৰমণ হৈছে । নিজৰ চিকিউৰিটি প্ৰত্যাহাৰৰ সম্পৰ্কত ৰকিবুলৰ প্ৰতিক্ৰিয়া ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|