মুখ্যপৃষ্ঠা »খবৰ »অসম »কেন্দ্ৰৰ পৰা বান সাহায্য বিচৰাৰ সাহস নাই মুখ্যমন্ত্ৰীৰ, দুৰ্যোগৰ সময়ত কেঁচা চাহপাত, গাখীৰ আদিত লগাইছে GST : ৰকিবুল হুছেইন

কেন্দ্ৰৰ পৰা বান সাহায্য বিচৰাৰ সাহস নাই মুখ্যমন্ত্ৰীৰ, দুৰ্যোগৰ সময়ত কেঁচা চাহপাত, গাখীৰ আদিত লগাইছে GST : ৰকিবুল হুছেইন

বৰ্তমান সময়ত কথা ক’বলৈকে ভয় লাগে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে৷ সংবাদমেলত তেওঁ ক’লে, দাড়ি–কমা ভুল হয় বুলি মই ভয়ে ভয়ে কথা কৈ আছো৷

বৰ্তমান সময়ত কথা ক’বলৈকে ভয় লাগে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে৷ সংবাদমেলত তেওঁ ক’লে, দাড়ি–কমা ভুল হয় বুলি মই ভয়ে ভয়ে কথা কৈ আছো৷

বৰ্তমান সময়ত কথা ক’বলৈকে ভয় লাগে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে৷ সংবাদমেলত তেওঁ ক’লে, দাড়ি–কমা ভুল হয় বুলি মই ভয়ে ভয়ে কথা কৈ আছো৷

  • Share this:
‘‘কেন্দ্ৰৰ ওচৰত বান সাহায্য বিচৰাৰ সাহস নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰক ভালৰি বুলাবলৈ সাহায্য নালাগে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। দুৰ্যোগৰ সময়ত গাখীৰ, কেঁচা চাহপাত, জলপানৰ ওপৰত লগাব বিচাৰিছে জিএছটি।’’ – আজি এক সংবাদমেলযোগে ৰাজ্য চৰকাৰক এইদৰে কটাক্ষ কৰিলে ৰকিবুল হুছেইনে।

ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত ৰকিবুল হুছেইনে কয়, ‘‘গ্ৰামাঞ্চলৰ বান পৰিস্থিতি ভাল নহয়৷ বানৰ সময়ত আগতে যিদৰে ৰিলিফ পাইছিল, বৰ্তমান তেনেদৰে ৰিলিফ পোৱা নাই বুলি জনাইছে৷ বানপানীৰ সময়ত মুখ্যমন্ত্ৰীয়ে এটা পেকেজ কেন্দ্ৰীয় চকৰকাৰক বিচাৰিব বুলি আশা কৰিছিলো৷ কিন্তু আচৰিতভাৱে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে বানত সাহায্য দিব পৰা টকা চৰকাৰৰ হাতত আছে৷’’

চৰকাৰে ১ হাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব ওলাইছে৷ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰৰ ওচৰত বান সাহায্য বিচৰাৰ সাহস নাই৷ কেন্দ্ৰক ভালৰি বুলাবলৈ কেন্দ্ৰক সাহায্য নালাগে বুলি কৈছে৷ চৰকাৰৰ মূৰত এক লাখ দহ হাজাৰ কোটি টকাৰ ঋণৰ বোজা আছে৷ সংবাদমেলত ক’লে ৰকিবুল হুছেইনে।

ৰকিবুল হুছেইনে ক’লে – ‘‘বানৰ এনে দুৰ্যোগৰ সময়ত জলপান, গাখীৰ, কেঁচা চাহপাত আদিত ৫% GST লগাব বিচাৰিছে৷ চাইকেলৰ পাম্প, পানীৰ পাম্পটো ২৮% GST লগাইছে৷ ১৩৯৯বিধ সামগ্ৰীত চৰকাৰে টেক্স লগাইছে৷’’

নগাঁও টাউনৰ বিমলা বৰা পথত ৫৮বাৰ কাৰেণ্ট যায় বুলি উল্লেখ কৰি গ্ৰামাঞ্চলৰ একাংশ বিদ্যালয় একত্ৰীকৰণ কৰাৰ প্ৰসংগও উত্থাপন কৰে ৰকিবুল হুছেইনে। তেওঁ কয়, গ্ৰামাঞ্চলৰ বিদ্যালয়বিলাক বৰ্তমান উঠাই দিছে, এমালগেমেচন কৰিছে৷ সেই স্কুলবিলাকৰ লগত বহুতৰে আৱেগ জড়িত হৈ আছে৷

বৰ্তমান সময়ত কথা ক’বলৈকে ভয় লাগে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে৷ সংবাদমেলত তেওঁ ক’লে, দাড়ি–কমা ভুল হয় বুলি মই ভয়ে ভয়ে কথা কৈ আছো৷

৫ জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়াৰ স্বীকৃতি প্ৰদানক লৈও মন্তব্য কৰিলে ৰকিবুল হুছেইনে।তেওঁ কয়, ছৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি? চৰকাৰৰ কেবিনেটত সিদ্ধান্ত ল’লেহে খিলঞ্জীয়া হ’ব নেকি? কেন্দ্ৰীয় চৰকাৰে সকলো ভাৰতীয়ক খিলঞ্জীয়া বুলি কৈছে।

আনহাতে, বদৰুদ্দিন আজমল সন্দৰ্ভতো মন্তব্য আগবঢ়ালে ৰকিবুল হুছেইনে। বদৰুদ্দিন আজমলৰ সংগদোষ হোৱা বুলি ক’লে কংগ্ৰেছ নেতাজনে। তেওঁ কয়, ৰাজ্যসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়েও কৈছিল ৭ টা ভোটৰ ইফাল–সিফাল হৈছে। AIUDFয়েও কৈছিল ৭টা ভোট ইফাল–সিফাল হৈছে৷ ৰিজাল্টেও ক’লে ৭ টা ভোট ইফাল–সিফাল হৈছে৷ আজমলে ক’বলাগে কাৰণে কিবা এটা কৈছে৷

শেহতীয়া বাতৰি