অন্যান্য কামত ব্যস্ত থকাৰ বাবে মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্ব পালনত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এই দাবী অসম বিধান সভাৰ বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰীয়ে এতিয়া আকাশত উৰি আছে বুলি কোৱা ৰকিবুল হুছেইনে ঐ,আই, ই মন্তব্য মুখ্যমন্ত্ৰী এগৰাকীৰ মুখত মুঠেই শোভা নাপাই বুলিও কয়।
''যাত্ৰাপথ অমংগলীয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে। প্ৰধানমন্ত্ৰীয়েও ৰাস্তাত বাধা পাই, মুখ্যমন্ত্ৰীয়েও ৰাস্তাত বাধা পাই ।'' -মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) সমালোচনা কৰি এই মন্তব্য কৰে অসম বিধানসভাৰ বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীয়ে নগাঁওৰ পথত যান-জঁটৰ সন্মুখীন হোৱা সম্পৰ্কত বা গাড়ীৰ পৰা নামি যোৱাক লৈ এই মন্তব্য কৰে ৰকিবুল হুছেইনে।
নগাঁওত মুখ্যমন্ত্ৰীয়ে ফলকৰ ৰাজনীতি কৰিছে বুলি অভিযোগ কৰে একালৰ ঘনিষ্ঠ নেতাগৰাকীয়ে। কংগ্ৰেছে বনোৱা ফলক বিজেপিয়ে ভাঙিছে বুলি অভিযোগ কৰে চামগুৰি সমষ্টিৰ পাঁচ বাৰৰ বিধায়ক ৰকিবুল হুছেইনে (MLA Rakibul Hussain)।
জ্যেষ্ঠ বিধায়কগৰাকীৰ মতে গণতান্ত্ৰিক দেশত ফলক ভঙাটো অশুভ পৰম্পৰা। মুখ্যমন্ত্ৰীৰ ভ্ৰমণ গৃহ বিভাগে নিয়ন্ত্ৰণ কৰে। বেলেগ বেলেগ কামত ব্যস্ত থকাৰ বাবে গৃহ বিভাগটো মুখ্যমন্ত্ৰীয়েই চম্ভালিব পৰা নাই নেকি বুলি প্ৰশ্ন কৰে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীয়ে এতিয়া আকাশত উৰি আছে, উৰি থাকক বুলি কয় ৰকিবুল হুছেইনে।
কংগ্ৰেছৰ উপ-দলপতিগৰাকীৰ মতে ঐ,আই,ই এইবোৰ মন্তব্য মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায়।একালৰ দুই ঘনিষ্ঠ নেতা এতিয়া বিপৰীত মেৰুত। সময় সুয়োগ পালেই বিধানসভাৰ মজিয়াতেই হওক বা বাহিৰতেই হওক ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী বা শাসকীয় পক্ষক সমালোচনা কৰা পৰিলক্ষিত হৈছে।
Published by: Gautam Barman
FIRST PUBLISHED : January 18, 2022, 16:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।