মুখ্যপৃষ্ঠা »খবৰ »অসম »AIUDFৰে মিত্ৰতা নহয় বুলি কোৱাৰ পিছতো কিয় লাগি আছে? সংবাদ মাধ্যমক প্ৰশ্ন কংগ্ৰেছী বিধায়কৰ 

AIUDFৰে মিত্ৰতা নহয় বুলি কোৱাৰ পিছতো কিয় লাগি আছে? সংবাদ মাধ্যমক প্ৰশ্ন কংগ্ৰেছী বিধায়কৰ 

AIUDFৰে মিত্ৰতা নহয় বুলি কোৱাৰ পিছতো কিয় লাগি আছে? সংবাদ মাধ্যমক প্ৰশ্ন কংগ্ৰেছী বিধাযক আব্দুৰ ৰছিদ মণ্ডলৰ 

AIUDFৰে মিত্ৰতা নহয় বুলি কোৱাৰ পিছতো কিয় লাগি আছে? সংবাদ মাধ্যমক প্ৰশ্ন কংগ্ৰেছী বিধাযক আব্দুৰ ৰছিদ মণ্ডলৰ 

AIUDFৰে মিত্ৰতা নহয় বুলি কোৱাৰ পিছতো কিয় লাগি আছে? সংবাদ মাধ্যমক প্ৰশ্ন কংগ্ৰেছী বিধাযক আব্দুৰ ৰছিদ মণ্ডলৰ 

  • Share this:

AIUDFৰে মিত্ৰতা নকৰিলে কংগ্ৰেছে ২০২৪ত শূন্যক আঁকোৱালি ল'ব লাগিব বুলি বিধায়ক শ্বেৰমান আলি আহমেদে ভৱিষ্যদ্বাণী কৰাৰ পিছত সোমবাৰে উভতি ধৰিলে কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। কিন্তু BJPৰ বিধায়ক দিগন্ত কলিতাই কংগ্ৰেছ-AIUDFৰ মিত্ৰতা ২০২৪ত হ'বই হ'ব বুলি দাবী কৰিলে।


কংগ্ৰেছ আৰু AIUDF ৷ মাজত মিত্ৰতা ৷ এই শব্দ তিনিটা একেলগে এদিন বা দুদিন উচ্চাৰিত নহ'ব পাৰে। কিন্তু তিনি নম্বৰৰ দিনটোত উচ্চাৰণ হোৱাটো নিশ্চিত। দেওবাৰে এই প্ৰসংগটো উঠালে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদে। শ্বেৰমানে কৈছে—“বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কংগ্ৰেছে তুচ্ছ-তাছিল্য কৰি থাকিলে AIUDF-এ নগাঁও, কলিয়াবৰ, মঙলদৈত প্ৰাৰ্থিত্ব দি দিব ৷”


ইয়াৰ পিছত সোমবাৰে শ্বেৰমানক উভতি ধৰিলে কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে৷ ৰছিদ মণ্ডলে ক'লে- “শ্বেৰমানে দলবিৰোধী কাম কৰাৰ বাবে নিলম্বিত হৈছে। তেওঁ কংগ্ৰেছৰ কথা ভাবিব নালাগে ৷”


আজমলৰ AIUDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নহয় বুলি দাবী কৰি এইবাৰ ৰছিদ মণ্ডলে সংবাদ মাধ্যমকহে জগৰীয়া কৰিলে৷ ৰছিদ মণ্ডলে ক'লে- “আমি AIUDFৰে মিত্ৰতা নহয় বুলি কৈ থকাৰ পিছতো সংবাদ মাধ্যমে বাৰে বাৰে কিয় এটা কথাকে সুধি থাকে ৷ এই বাতৰি কৰি কি BJPৰ পৰা কিবা পাই নেকি?”


ইপিনে শাসকীয় BJPৰ বিধায়ক দিগন্ত কলিতাই দাবী কৰিলে যে ২০২৪ত কংগ্ৰেছ-AIUDFৰ মিত্ৰতা হ'বই হ'ব ৷


উল্লেখযোগ্য যে দেওবাৰে কংগ্ৰেছী বিধায়িকা শিৱামণি বৰাই AIUDFয়ে পিছফালৰ পৰা আৰু BJPয়ে আগফালৰ পৰা আক্ৰমণ কৰে বুলি দাবী কৰিছিল ৷

শেহতীয়া বাতৰি