‘মুছলমানৰ প্ৰতিকৃতি দাহ কৰিব নোৱাৰে, কাৰণ মুছলমানক কবৰহে দিয়ে’- কংগ্ৰেছী বিধায়কৰ মন্তব্যত তোলপাৰ ৰাজ্য

News18 Assam | News18-Assam
Updated:November 8, 2020, 6:38 PM IST
‘মুছলমানৰ প্ৰতিকৃতি দাহ কৰিব নোৱাৰে, কাৰণ মুছলমানক কবৰহে দিয়ে’- কংগ্ৰেছী বিধায়কৰ মন্তব্যত তোলপাৰ ৰাজ্য
ৰূপহীহাট সমষ্টিত সুহৃদ আঁচনিৰ ধন যুৱ কংগ্ৰেছৰ নেতা আৰু অঙহী-বঙহীয়ে লাভ কৰাৰ লগতে সাধাৰণ লোক এই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি একাংশ লোকে আজি ৰূপহীহাটত বিধায়ক নুৰুল হুদাৰ প্ৰতিকৃতি দাহ কৰিছিল।

ৰূপহীহাট সমষ্টিত সুহৃদ আঁচনিৰ ধন যুৱ কংগ্ৰেছৰ নেতা আৰু অঙহী-বঙহীয়ে লাভ কৰাৰ লগতে সাধাৰণ লোক এই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি একাংশ লোকে আজি ৰূপহীহাটত বিধায়ক নুৰুল হুদাৰ প্ৰতিকৃতি দাহ কৰিছিল।

  • Share this:
"কেইটামান অজ্ঞানীয়ে মোৰ প্ৰতিকৃতি দাহ কৰিছে, কিন্তু মই জাল্লাদ নহয়, মই মুছলমান, মোৰ নাম মোহাম্মদ নুৰুল হুদা, মই মৰিলে শ্মশানলৈ মোক কোনেও নিব নোৱাৰে, মোক কবৰ দিয়া হ'ব"- এই মন্তব্য ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ। ৰূপহীহাট মাৰ্কাজ মছজিদৰ এক সভাত আজি এই মন্তব্য কৰে বিধায়ক নুৰুল হুদাই।

উল্লেখযোগ্য যে, ৰূপহীহাট সমষ্টিত সুহৃদ আঁচনিৰ ধন যুৱ কংগ্ৰেছৰ নেতা আৰু অঙহী-বঙহীয়ে লাভ কৰাৰ লগতে সাধাৰণ লোক এই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি একাংশ লোকে আজি ৰূপহীহাটত বিধায়ক নুৰুল হুদাৰ প্ৰতিকৃতি দাহ কৰিছিল। ৰূপহীহাটৰ যুৱ কংগ্ৰেছৰ নেতা ইক্ৰামূল হুছেইনৰ পৰিয়ালৰ ৫জন লোকে এই আঁচনিৰ ধন লাভ কৰাৰ অভিযোগ তুলিছিল এআইইউডিএফে। এই ঘটনাৰ পিছতে ৰূপহীহাটত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ৰূপহীহাটৰ কংগ্ৰেছ নেতা ইলিয়াছ ৰহমতউল্লাহেও এই কাৰ্যৰ বিৰোধিতা কৰিছিল। ইয়াৰ পিছতে আজি ৰূপহীহাটত আয়োজিত এখন সভাত এই মন্তব্য কৰে বিধায়ক নুৰুল হুদাই। বিধায়ক নুৰুল হুদাৰ যুক্তি মুছলমান লোকক যিহেতু কবৰ দিয়া হয় সেয়ে প্ৰতিকৃতি দাহ কৰিব নোৱাৰে।

শেহতীয়াভাৱে ৰাজনৈতিক দলসমূহে ধৰ্মীয় মেৰুকৰণৰে ভোটৰ ৰাজনীতি কৰাৰ সময়তে বিধায়কগৰাকীয়ে এই মন্তব্য যে ইছলামধৰ্মী লোকসকলক আকৰ্ষিত কৰাৰ বাবেই কৰিছে, সেয়া ৰাজনৈতিক পৰ্য্যবেক্ষক সকলৰ বুজাত অসুবিধা হোৱা নাই। পিছে এতিয়াৰে পৰা অসমৰ দল-সংগঠনে মুছলমান ৰাজনৈতিক নেতাৰ প্ৰতিকৃতি দাহ কৰিলে যে এক নতুন বিতৰ্ক হ'ব সেয়া নিশ্চিত।
Published by: Himangshu Bhuyan
First published: November 8, 2020, 6:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি