কংগ্ৰেছত বিসম্বাদ তুংগত, বিধায়িনী দলৰ বৈঠকত ২৪ বিধায়কৰ ভিতৰত মাত্ৰ দুজন উপস্থিত

News18 Assam | News18-Assam
Updated:January 3, 2020, 7:12 PM IST
কংগ্ৰেছত বিসম্বাদ তুংগত, বিধায়িনী দলৰ বৈঠকত ২৪ বিধায়কৰ ভিতৰত মাত্ৰ দুজন উপস্থিত
ক্ষমতা দখলৰ স্বাৰ্থত এনে কৰ্মই দলক ক্ষতি কৰিব: কমলাক্ষ দেৱ পুৰুকায়স্থ

ক্ষমতা দখলৰ স্বাৰ্থত এনে কৰ্মই দলক ক্ষতি কৰিব: কমলাক্ষ দেৱ পুৰুকায়স্থ

  • Share this:
কংগ্ৰেছত বিসম্বাদ স্পষ্ট ৷ বিধায়িনী দলৰ বৈঠকত উপস্থিত নাথাকিল ৰকিবুল হুছেইনৰ গোট। বৈঠকত মাত্ৰ দুজন বিধায়ক উপস্থিত ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধিয়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ বাহিৰে কোনো উপস্থিত নাথাকিল বৈঠকত ৷ ফলট ক'ৰাম পূৰ্ণ নোহোৱাত বাতিল হ'ল বৈঠক ৷

“এয়া দলৰ কাৰণে শুভ লক্ষণ নহয় ৷ CLPৰ বৈঠক আহ্বান কৰাৰ পিছত বৈঠকত উপস্থিত থকাটো নিয়ম ৷ দুই-এজনে ব্যক্তিগত কাৰণত উপস্থিত থাকিব নোৱাৰিম বুলি জনাইছিল ৷ কিন্ত বাকীসকল গুৱাহাটীত থাকিও উপস্থিত নথকাটো বেয়া কথা ৷ আমি এই বিষয়ত দলীয় হাই কামাণ্ডক জনাম ৷ ব্যক্তিগত স্বাৰ্থৰ কাৰণে এনে কাম কৰিছে একাংশই ৷ সকলো বিধায়ককে বৈঠকত উপস্থিত থাকিবলৈ কোৱা হৈছিল”, NEWS18ক এই কথা জনালে  কংগ্ৰেছ বিধায়িনী দলৰ ডেপুটি চীফ হুইপ কমলাক্ষ দেৱ পুৰুকায়স্থই ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি