• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজেপি দলটো ভয়ংকৰ, তাত যোগদান কৰিলে জে’লত থকাৰ দৰে লাগিব : কমলাক্ষ দে পুৰকায়স্থ

বিজেপি দলটো ভয়ংকৰ, তাত যোগদান কৰিলে জে’লত থকাৰ দৰে লাগিব : কমলাক্ষ দে পুৰকায়স্থ

File Photo

File Photo

BJPত এজন মানুহক বন্দনা কৰিব লাগে বুলিও কয় পুৰকায়স্থই।

  • Share this:
AIUDF প্ৰধান বদৰুদ্দিন আজমলত তীব্ৰ সমালোচনা কমলাক্ষ দে পুৰকায়স্থৰ। আজমলক ৰাজনীতিৰ পৰা বিদায় ল’বলৈ পৰামৰ্শ দিলে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে। বিধায়কজনে কয়, ‘‘বদৰুদ্দিন আজমলে ৰাজনীতি পৰা বিদায় লওক। ৰাজনীতিত আহি সমাজত বিভেদ সৃষ্টি নকৰিব।’’

কংগ্ৰেছ ‘ভাৰত জোৰো যাত্ৰা’ প্ৰসংগত কমলাই দে পুৰকায়স্থই কয়, ‘‘উজনি অসমত ‘ভাৰত জোৰো’ত মানুহৰ সংখ্যা বৃদ্ধি পাব। যোৰহাট, শিৱসাগৰকে ধৰি আমাৰ মেইন ষ্ট্ৰীমত আৰম্ভ হ’লে BJP–এ গম পাব।’’

বিজেপি দলক সমালোচনা কৰি বিধায়কগৰাকীয়ে কয়, BJP দলটো ভয়ংকৰ, তাত যোগদান কৰিলে জে’লত থকা দৰে থাকিব লাগে। কংগ্রেছৰ পৰা BJPলৈ যোৱা বিধায়কে প্রস্তাইছে।

BJPত এজন মানুহক বন্দনা কৰিব লাগে বুলিও কয় পুৰকায়স্থই। ইফালে, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে দেউৰী স্বায়ত্তশাসিত পৰিষদত কিনা–বেচা অস্বাভাৱিক নহয়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি