'সুশান্ত বৰগোহাঁইক কি দিয়া নাছিল কংগ্ৰেছ? কি দিলে সন্তুষ্ট হ'লহেতেন সুশান্ত বৰগোঁহাই?
বিধায়কৰ পৰা সাংসদৰ হ'বলৈ সুযোগ দিছিল কংগ্ৰেছে। তাৰপিছতো সন্তুষ্ট নহ'ল নেকি?'- এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ।
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কজনে কয় যে, 'হিমন্ত বিশ্ব শৰ্মাই কূটকৌশল ৰচিছে ৰাজ্যত। চৰকাৰ বিজেপিৰ, নিজে ৰাজ্যৰ মুখ্যমন্ত্ৰী,
তাৰ পিছতো বিৰোধী দলৰ সদস্য ক্ৰয় কৰাত লাগিছে। এয়া কিহৰ ইংগিত?'
'অগপ, UPPL ক এৰিব বিচাৰিছে নেকি বিজেপিয়ে? যিকোনো মূহুৰ্তত অগপ UPPL ক দলিয়াই দিব পাৰে নেকি? যাৰবাবে ৬৪ সদস্য কৰাৰ যুঁজত বিজেপি। অসমৰ ৰাইজক জনাব লাগে মুখ্যমন্ত্ৰীক আৰু কি কি লাগে? কংগ্ৰেছে চৰকাৰ গঠন কৰা হেতেন কংগ্ৰেছত থাকিলেহেতেন সুশান্ত। ক্ষমতা নহ'লে টোপনি যাব নোৱাৰে একাংশই। সেয়ে কংগ্ৰেছ ত্যাগ কৰিবলৈ সিদ্ধান্ত লয়। সুশান্তই এটা মাত্ৰ কাৰণ দিয়ক কংগ্ৰেছে কি অন্যায় কৰিছে? দুই নম্বৰী মানুহ বোৰ আঁতৰি যাব কংগ্ৰেছত। এক নম্বৰৰ মানুহ বোৰ সদায় থাকিব।'- এনেদৰে আক্ষেপ প্ৰকাশ কৰে কংগ্ৰেছী বিধায়কজনে।
ইফালে আজি বিয়লি বিজেপি দলত যোগদান কৰিব থাওৰা সমষ্টিৰ সদ্য প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁইয়ে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে সমষ্টিটোৰ নতুনকৈ সজোৱাৰ সপোন দেখা সুশান্ত বৰগোহাঁইয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|