উল্লেখ্য যে, ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে ৰাজ্যসভাৰ বিজেপি প্ৰাৰ্থীৰ সপক্ষে ভোট দিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰাৰ পিছৰে পৰা ভাস্কৰ বৰুৱা আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাইয়ো ক্ৰচ ভোট দিব বুলি গুণাগথা চলিছিল।
উল্লেখ্য যে, ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে ৰাজ্যসভাৰ বিজেপি প্ৰাৰ্থীৰ সপক্ষে ভোট দিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰাৰ পিছৰে পৰা ভাস্কৰ বৰুৱা আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাইয়ো ক্ৰচ ভোট দিব বুলি গুণাগথা চলিছিল।
ৰাজ্যসভা নিৰ্বাচনত ক্ৰচ ভোট দিব নেকি তিতাবৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ বৰুৱাই? কি স্থিতি হ'ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰতিনিধিত্ব কৰা তিতাবৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়কগৰাকীৰ? এনে কোতবোৰ চৰ্চা চলি থকাৰ মাজতে অৱশেষত নিজৰ স্থিতি স্পষ্ট কৰিলে কংগ্ৰেছী বিধায়কগৰাকীয়ে।
ভাস্কৰ বৰুৱাই সোমবাৰে News18ৰ আগত কয় যে, 'মই কংগ্ৰেছ দলৰ বিধায়ক, এই দলতেই থাকিম। তিতাবৰৰ ৰাইজে মোক কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে জয় কৰাইছে। দলৰ বিৰুদ্ধে গৈ কাম কৰাৰ চিন্তা চৰ্চা মই নকৰো। মোক বিজেপিয়ে যোগাযোগ কৰিবলৈ সাহস নকৰে।'
উল্লেখ্য যে, ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে ৰাজ্যসভাৰ বিজেপি প্ৰাৰ্থীৰ সপক্ষে ভোট দিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰাৰ পিছৰে পৰা ভাস্কৰ বৰুৱা আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাইয়ো ক্ৰচ ভোট দিব বুলি গুণাগথা চলিছিল। আৰু এই সন্দৰ্ভত এতিয়া দুয়োগৰাকীৰ বিধায়কেই নিজৰ স্থিতি স্পষ্ট কৰে।
শিৱামণি বৰাই কয় যে, 'মই কংগ্ৰেছী, কংগ্ৰেছী হৈ থাকিম। মনে মনে থকাৰ কাৰণে মোক ভাবিব পাৰে। আজিৰ পৰা মই এগ্ৰেচীভ হম।আমাৰ দলত ঘোঁৰা নাই। শশী ঘোঁৰা আছিল গ'ল।আৰু ঘোঁৰা নাই।মই ঘোঁৰা নহয়।মই মনে মনে থাকোঁ কাৰণে ভাবে স্থিতি বেলেগ।কিন্তু তেনে নহয়।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|