ৰাজ্যসভাৰ নিৰ্বাচনত কাক টিকট দিব কংগ্ৰেছে? টিকটক লৈ দলে বান্ধি দিলে চৰ্ত

News18 Assam | News18-Assam
Updated:February 26, 2020, 11:24 AM IST
ৰাজ্যসভাৰ নিৰ্বাচনত কাক টিকট দিব কংগ্ৰেছে? টিকটক লৈ দলে বান্ধি দিলে চৰ্ত
কংগ্ৰেছৰ হাতত মাথোঁ ২৩টা ভোট৷ সেয়ে তৃতীয়খন আসনত জয়ী হ’ব লাগিলে কোনো দলৰ সৈতে মিত্ৰতা নিশ্চিত

কংগ্ৰেছৰ হাতত মাথোঁ ২৩টা ভোট৷ সেয়ে তৃতীয়খন আসনত জয়ী হ’ব লাগিলে কোনো দলৰ সৈতে মিত্ৰতা নিশ্চিত

  • News18 Assam
  • Last Updated: February 26, 2020, 11:24 AM IST
  • Share this:
ৰাজ্যত খালী হৈছে ৰাজ্যসভাৰ ৩খন আসন৷ ৩খন আসনৰ দুখনত শাসকীয় দল বিজেপিৰ জয় প্ৰায় নিশ্চিত৷ পিছে, তৃতীয় আসনখন কোনে দখল কৰিব? তাৰ বাবে আৰম্ভ হৈছে অংক৷ বিৰোধী কংগ্ৰেছেও তৃতীয়খন আসনখনক লৈ আৰম্ভ কৰিছে তৎপৰতা৷ যাৰ বাবে মঙলবাৰে অসম বিধানসভাৰ বিধায়িনী দলৰ কক্ষত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক৷ অৱশ্যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ স্পষ্ট মত, CAA বিৰোধী শক্তিৰ নেতাক ৰাজ্যসভালৈ পঠাব৷ যদিওবা কংগ্ৰেছৰ হাতত নাই পৰ্যাপ্ত আসন৷

কংগ্ৰেছৰ হাতত মাথোঁ ২৩টা ভোট৷ সেয়ে তৃতীয়খন আসনত জয়ী হ’ব লাগিলে কোনো দলৰ সৈতে মিত্ৰতা নিশ্চিত৷ এইক্ষেত্ৰত AIUDFৰ সতে মিত্ৰতা হ’ব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত দেৱব্ৰত শইকীয়াৰ মন্তব্য – AIUDFৰ পৰা মিত্ৰতাৰ প্ৰস্তাৱ পালে দলৰ মজিয়াত গ্ৰহণ কৰিব সিদ্ধান্ত৷ কংগ্ৰেছৰ এনে মন্তব্যৰ পাছত AIUDF–এ প্ৰস্তাৱ আগবঢ়াবনে নাই সেয়া হ’ব লক্ষণীয়৷ ইপিনে মঙলবাৰৰ বিধায়িনী দলৰ বৈঠকতে আলোচনা হয় ২ মাৰ্চ পৰা অনুষ্ঠিত হ’বলগা বাজেট অধিবেশন প্ৰসংগও৷ কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক উপস্থিত আছিল দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, অজন্তা নেওগকে ধৰি কেইবাগৰাকীও বিধায়ক।
আৰু চাওক
পৰৱৰ্তী বাতৰি