• Home
  • »
  • News
  • »
  • assam
  • »
  • কোনোৱে যদি সতীৰ্থক ঘুচিয়াইছে, কোনোৱে আকৌ চকী খনকে ভাঙিছে! হোজাই কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল দেখি হতবাক সাংসদ প্ৰদ্যুত্‍ বৰদলৈ

কোনোৱে যদি সতীৰ্থক ঘুচিয়াইছে, কোনোৱে আকৌ চকী খনকে ভাঙিছে! হোজাই কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল দেখি হতবাক সাংসদ প্ৰদ্যুত্‍ বৰদলৈ

আভ্যন্তৰীণ কংগ্ৰেছত বিধ্বস্ত কংগ্ৰেছ

আভ্যন্তৰীণ কংগ্ৰেছত বিধ্বস্ত কংগ্ৰেছ

আভ্যন্তৰীণ কংগ্ৰেছত বিধ্বস্ত কংগ্ৰেছ

  • Share this:
সাংসদ প্ৰদ্যুত্‍ বৰদলৈৰ সন্মুখতে কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা।  হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত মোৰাঝাৰ বজাৰত বিন্নাকান্দি ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত শুকুৰবাৰে  অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ ৰাজহুৱা সভাত সংঘটিত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শুকুৰবাৰে দিনৰ দুই বজাত ডবকা বুঢ়ীগংগাৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন কৰি পোনে পোনে সাংসদ প্ৰদ্যুৎ বৰদলৈ মোৰাঝাৰ বজাৰত অনুষ্ঠিত হোৱা দলীয় সভাখনত  অংশ ল’বলৈ গৈছিল। আদৰণি সভা চলি থকাৰ সময়তেই সাংসদগৰাকীৰ সন্মুখতে যমুনামুখ সমষ্টিৰ কংগ্ৰেছৰ দুই ফৈদৰ মাজত সংঘটিত হয় এক চাঞ্চল্যকৰ মাৰপিটৰ ঘটনা।ঘটনাত গুৰুতৰ ভাবে আহত হয় কেইবাজনো কংগ্ৰেছ কৰ্মী।

উল্লেখ্য যে, যোৱা পঞ্চায়ত নিৰ্বাচনৰ পিছৰে পৰা যমুনামুখ কংগ্ৰেছৰ দলীয় কৰ্মীৰ দুই ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছিল। পঞ্চায়ত নিৰ্বাচনত যমুনামুখ সমষ্টিৰ চাৰিওখন জিলা পৰিষদ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছিল আৰু নৱগঠিত হোজাই জিলা পৰিষদৰ সভানেত্ৰী হৈছিল মোৰাঝাৰ জিলা পৰিষদৰ সদস্যা ৰেজিয়া চুলতানা।

কিন্তু  জিলা পৰিষদ গঠনৰ ছমাহ সম্পূৰ্ণ নহওতেই প্ৰাক্তন বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনৰ ঘনিষ্ঠ সম্পৰ্ক থকা ডবকা আৰু নীলবাগান জিলা পৰিষদৰ সদস্য দুজনে বিজেপি দলত যোগদান কৰাত কংগ্ৰেছৰ দখলত থকা হোজাই জিলা পৰিষদ খন ভংগ হয় আৰু বিজেপিয়ে হোজাই জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হয়। ইয়াকে লৈ যমুনামুখ সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ মাজত দুটা ফৈদৰ সৃষ্টি হয়।

কংগ্ৰেছৰ দখলত থকা হোজাই জিলা পৰিষদ ভংগ হোৱাৰ পিছতে ৰেহান উদ্দিনক ব্লক কংগ্ৰেছৰ সভাপতি পদৰ পৰাও বৰ্খাস্ত কৰিছিল কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই। কিন্তু আজি বিন্নাকান্দি ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰেহান উদ্দিনে সভাত ভাষণ দিবলৈ থিয় হোৱাত মোৰাঝাৰ আৰু চৌধুৰী বজাৰৰ কংগ্ৰেছ কৰ্মীসকলে ৰেহান উদ্দিন মুৰ্দাবাদ, বিজেপিৰ এজেণ্ট ৰেহান উদ্দিন গʼবেক, আদি শ্লোগান দি ৰেহান উদ্দিনৰ হাতৰ পৰা মাইক্ৰফন কাঢ়ি লয়।

আৰু ইয়াৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। লগে লগে দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ সূত্ৰপাত হয়। লণ্ডভণ্ড কৰা হয় সভাস্থলী। দলীয় কৰ্মীৰ এনে ৰূপ দেখি সভা আধাতে সামৰি সেই পৰা আঁতৰি যায় সাংসদ প্ৰদ্যুত্‍ বৰদলৈ। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলতে।
Published by:Himangshu Bhuyan
First published: