• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam By Election: ভৱানীপুৰত কংগ্ৰেছৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ, AIUDFৰ প্ৰাক্তন বিধায়কৰ কংগ্ৰেছত যোগদান

Assam By Election: ভৱানীপুৰত কংগ্ৰেছৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ, AIUDFৰ প্ৰাক্তন বিধায়কৰ কংগ্ৰেছত যোগদান

''আপোনালোকে ভূ–মাফিয়াক ভোট দিব নে ভূমিদাতাক দিব?''- ভূপেন বৰা

''আপোনালোকে ভূ–মাফিয়াক ভোট দিব নে ভূমিদাতাক দিব?''- ভূপেন বৰা

''আপোনালোকে ভূ–মাফিয়াক ভোট দিব নে ভূমিদাতাক দিব?''- ভূপেন বৰা

  • Share this:

ভৱানীপুৰৰ উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ সমৰ্থনত মঙলবাৰে মাজগাঁওত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰক তীব্ৰ সমালোচনা কৰে।


 ভৱানীপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে ভৱানীপুৰত বিদ্যালয় খোলাৰ বাবে ভূমি দান কৰাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়– ''দাসে দান দিয়া ভূমিত শিক্ষাদান দি কৰি থকা হৈছে, এতিয়া আপোনালোকে ভূ–মাফিয়াক ভোট দিব নে ভূমিদাতাক দিব?''


আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিধায়ক ক্ৰয় কৰা মুখ্যমন্ত্ৰী বুলিও উল্লেখ কৰে সভাপতি বৰাই ৷ সভাত সৰ্বভাৰতীয় কংগ্ৰেছৰ সম্পাদক তথা অসমৰ পৰ্যবেক্ষক পৃথিৱীৰাজ প্ৰভাকৰ সাথে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি পেট্ৰ'ল–ডিজেলৰ লগতে অত্যাৱশ্যকীয় সা–সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰ বিষয়টো অৱতাৰণা কৰে।


 এই সভাত ভৱানীপুৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাক্তন বিধায়ক আবুল কালাম আজাদে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ তদুপৰি এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সম্পাদক প্ৰশান্ত কুমাৰ শৰ্মায়ো এ আই ইউ ডি এফ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে ৷


সভাত বিধায়ক আব্দুৰ ৰহিম আহমেদ, বিধায়ক ৰেকিব উদ্দিন আহমেদ, বিধায়ক ছিদ্দিক আহমেদ, বিধায়িকা নন্দিতা দাস, বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী খানম নাজিমা আহমেদ, কংগ্ৰেছ নেতা আব্দুছ ছামাদ আহমেদ, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খান, প্ৰাক্তন সভাপতি শান্তনু শৰ্মাৰ লগতে কংগ্ৰেছৰ বহু নেতা–কৰ্মী উপস্থিত থাকে ৷

Published by:Gautam Barman
First published: