‘‘NIA লগাই হাগ্ৰামাক জে’ললৈ পঠিয়াম’’ – হিমন্ত বিশ্বৰ এই মন্তব্যৰ কাৰণে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা বিচাৰি নিৰ্বাচন আয়োগৰ কাষ চাপিছে কংগ্ৰেছ

News18 Assam | News18-Assam
Updated:March 30, 2021, 5:40 PM IST
‘‘NIA লগাই হাগ্ৰামাক জে’ললৈ পঠিয়াম’’ – হিমন্ত বিশ্বৰ এই মন্তব্যৰ কাৰণে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা বিচাৰি নিৰ্বাচন আয়োগৰ কাষ চাপিছে কংগ্ৰেছ
কংগ্ৰেছে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰত এনে মন্তব্যৰে শৰ্মাই ভোটাৰক বিপিএফৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰিছে বুলিও উল্লেখ কৰে।

কংগ্ৰেছে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰত এনে মন্তব্যৰে শৰ্মাই ভোটাৰক বিপিএফৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰিছে বুলিও উল্লেখ কৰে।

  • Share this:
হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত সম্পূৰ্ণ নিষেধাজ্ঞা বিচাৰি ভাৰতীয় জাতীয় কংগ্ৰেছে (Congress) নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰিলে পত্ৰ। যোৱা ২৯ মার্চত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নিৰ্বাচনী মিত্ৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত তদন্তকাৰী সন্থা National Investigation Agency চমুকৈ NIA লগাই জে’ললৈ প্ৰেৰণ কৰাৰ হুংকাৰ প্ৰদান কৰিছিল।

কংগ্ৰেছে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰত এনে মন্তব্যৰে শৰ্মাই ভোটাৰক বিপিএফৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰিছে বুলিও উল্লেখ কৰে। শাসক দলৰ প্ৰতিনিধি হোৱাৰ সুবাদতে শর্মাই NIAৰ যোগেদি মহিলাৰীক জে’ললৈ প্ৰেৰণ কৰাৰ ভাবুকি প্ৰদান কৰিছে বুলিও উল্লেখ পত্ৰত।

শৰ্মাৰ বিৰোধীক এনেদৰে ভীতিগ্ৰস্ত কৰা কাৰ্য Representation of People’s Act 1951ৰ পৰিপন্থী আৰু ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গুৰতৰ অপৰাধ বুলি উল্লেখ কৰি কংগ্ৰেছে নির্বাচন আয়োগক শর্মাৰ বিৰুদ্ধে নির্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনায়। ইয়াৰ উপৰিও শুনানি গ্ৰহণ কৰি আয়োগক শর্মাৰ প্ৰাৰ্থিত্ব নাকচ কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন অনুচ্ছেদৰ অধীনত গোচৰ ৰুজু কৰিবলৈও আহ্বান জনায়।

পত্ৰত স্বাক্ষৰ কৰিছে ৰণদীপ সিং সূর্যেৱালা, অজয় মাকেন, অভিষেক মনু সিংভী, মুকুল ৱাচনিক, প্ৰণৱ ঝা আৰু আমন পনৱাৰে।
Published by: Sanjay Kumar Das
First published: March 30, 2021, 5:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি