உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Congress Legislature Party Meeting: কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক, শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসৰ শাস্তিৰ লগতে ৪ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

    Congress Legislature Party Meeting: কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক, শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসৰ শাস্তিৰ লগতে ৪ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

    ভূপেন বৰাৰ মতে, এনকাউন্টাৰ extra judicial killing.

    ভূপেন বৰাৰ মতে, এনকাউন্টাৰ extra judicial killing.

    ভূপেন বৰাৰ মতে, এনকাউন্টাৰ extra judicial killing.

    • Share this:
    দেওবাৰে কংগ্ৰেছৰ তিনিঘন্টাজোৰা বিধায়িনী বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছৰ বিধায়িনী দলৰ (Congress legislature party) বৈঠকত চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, ৪গৰাকী সাংসদ ক্ৰমে গৌৰৱ গগৈ, ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক আৰু ২০গৰাকী বিধায়কৰ উপস্থিতিত দেওবাৰে অনুষ্ঠিত হয় কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক।

    অসম বিধানসভা কক্ষত অনুষ্ঠিত বৈঠকতে কংগ্ৰেছে দুই নিলম্বিত বিধায়ক ক্ৰমে বাঘবৰৰ শ্বেৰমান আলী আহমেদ আৰু ৰহাৰ শশীকান্ত দাসৰ ক্ষেত্ৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে দলে সভাপতি ভূপেন কুমাৰ বৰাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰে। ‘‘আগন্তুক ৰাজ্যসভাত আমি প্ৰাৰ্থী থিয় কৰোৱাটো নিশ্চিত'' বুলিও কয় ভূপেন বৰাই।

    অৱশ্যে ''আমি''ৰ সংজ্ঞা সম্পৰ্কত কোনো মন্তব্য নিদিলে সভাপতি ভূপেন বৰাই। সীমান্ত সমস্যা সন্দৰ্ভতো দেওবাৰৰ বৈঠকতে আলোচনা হয়। অসমৰ ১ ইঞ্চি মাটিও কাকো এৰি নিদিয়ে কংগ্ৰেছে। অসম চৰকাৰৰ মাটি এৰি দিয়া সন্দৰ্ভত নতুন দিল্লীলৈ গৈ কংগ্ৰেছ ধ্যক্ষা ছোনিয়া গান্ধী আৰু সাংসদ ৰাহুল গান্ধীক সাক্ষাৎ কৰিব।

    দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো লগ কৰিব অসমৰ কংগ্ৰেছ প্ৰতিনিধিয়ে। ইফালে এনকাউন্টাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই (APCC President Bhupen Kumar Bora) কয় যে এনকাউন্টাৰ extra judicial killing.  মৃত্যুদণ্ড দিয়াৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি কাঢ়ি আনিব লাগিব। আলফাৰ ২৬ জানুৱাৰী বৰ্জন নকৰাৰ সিদ্ধান্তক আদৰণি জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
    Published by:Gautam Barman
    First published: