• Home
  • »
  • News
  • »
  • assam
  • »
  • শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বনৰ প্ৰস্তাৱ কংগ্ৰেছ বিধায়িনী দলৰ! আজি নিশা প্ৰদেশ কংগ্ৰেছে ল'ব সিদ্ধান্ত

শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বনৰ প্ৰস্তাৱ কংগ্ৰেছ বিধায়িনী দলৰ! আজি নিশা প্ৰদেশ কংগ্ৰেছে ল'ব সিদ্ধান্ত

দেওবাৰে এখন জৰুৰী বৈঠকত ভাগ লৈ এই সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছ নেতৃত্বই।

দেওবাৰে এখন জৰুৰী বৈঠকত ভাগ লৈ এই সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছ নেতৃত্বই।

দেওবাৰে এখন জৰুৰী বৈঠকত ভাগ লৈ এই সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছ নেতৃত্বই।

  • Share this:
নিৰ্বাচন আহিলেই বিতৰ্কিত কথা বতৰাৰে কংগ্ৰেছ দলৰ ভাবমূৰ্তি বিনষ্ট কৰা বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক অৱশেষত কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰাৰ প্ৰস্তাৱ দিলে কংগ্ৰেছ বিধায়িনী দলে। আজি নিশা সভাপতি ভূপেন বৰাৰ লগতে তিনিওগৰাকী কাৰ্যকৰী সভাপতিয়ে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখ্য যে, শ্বেৰমান আলী আহমেদ গ্ৰেপ্তাৰ হোৱাৰ পিছত কংগ্ৰেছ বিধায়িনী দলে জৰুৰী বৈঠকৰ আয়োজন কৰিছিল ৷ আৰু শ্বেৰমানৰ সন্দৰ্ভতে বিধায়িনী দলে লয় এই সিদ্ধান্ত ৷ বৈঠকত উপস্থিত আছিল APCCৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইনসহ কংগ্ৰেছৰ বিধায়কসকল ৷

বিধায়িনী দলৰ বৈঠকৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে- 'প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ মতে আজি আমাৰ বিধায়িনী দলৰ বৈঠক আয়োজন কৰো ৷ এই বৈঠকত বিৰূপ মন্তব্য কৰা বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক আমি বিধায়িনী দলে প্ৰস্তাৱ দিছো ৷ এই হিচাপত প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে সিদ্ধান্ত ল'ব ৷'

বৈঠকৰ অন্তত ভূপেন বৰাই কয় যে, 'ACLPৰ প্ৰস্তাৱ আমি পাইছো। আজি আমি নিশা তিনিজন APCCৰ কাৰ্যকৰী সভাপতি আৰু দুজন সাধাৰণ সম্পাদকৰ সৈতে আলোচনাত মিলিত হম ৷ এই আলোচনাতে সিদ্ধান্ত লম শ্বেৰমান আলীৰ সন্দৰ্ভত ৷ দলীয় সংবিধান মতে ব্যৱস্থা লম ৷ শ্বেৰমান আলী আহমেদক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল ৷ আজি উত্তৰ দিয়াৰ শেষ দিন ৷ উত্তৰ নাপালে আমি ব্যৱস্থা লম ৷'
Published by:Himangshu Bhuyan
First published: