কংগ্ৰেছে ৰাজ্যখনৰ ৫০০ পৌৰ ৱাৰ্ডত প্ৰাৰ্থীয়েই দিব নোৱাৰিলে ৷ কংগ্ৰেছক ছত্ৰভংগ দিয়া বুলি বৰপেটাত সমালোচনা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷
পৌৰ নিৰ্বাচন (Assam Municipality Election 2022)ত কংগ্ৰেছে ৰাজ্যখনৰ প্ৰায় ৫০০ ৱাৰ্ডত প্ৰাৰ্থীত্বই প্ৰদান কৰিব নোৱাৰিলে বুলি কংগ্ৰেছক কটাক্ষ ভৱেশ কলিতা (Bhabesh Kalita)ৰ ৷ কংগ্ৰেছক ছত্ৰভংগ দিয়া বুলি অভিহিত কৰি কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰিব নোৱাৰাৰ বাবেই ৰাজ্যৰ ৬০টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ কথাও প্ৰকাশ কৰে ৷ বিজেপিৰ নেতৃত্বত চৰকাৰে দেশ আৰু ৰাজ্যখনত আৰম্ভ কৰা বিৰামহীন প্ৰগতিৰ যাত্ৰাৰ বাবেই ৰাইজে বিজেপিক সমৰ্থন কৰিব বুলিও তেও মন্তব্য কৰে ৷
আনহাতে কংগ্ৰেছৰ প্ৰতীক হাতখনক কটা হাত, চুৰি কৰা হাত, গৰীবৰ টেটু চেপি ধৰা হাত আৰু কংগ্ৰেছ অচল টকাত পৰিণত হোৱা বুলিও তাচ্ছিল্য ভৱেশ কলিতাৰ ৷
ইপিনে পৌৰ নিৰ্বাচনৰ (Assam Municipality Election 2022) প্ৰচাৰৰ বাবে বৰপেটাৰ হাউলী (Howly, Barpeta)ত উপস্থিত হৈ কংগ্ৰেছৰ লগতে মিত্ৰদল অগপকো তুচ্ছ-তাচ্ছিল্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷ হাতীক ভোট দি কাম নাই, আনকি অগপক সমালোচনা কৰিবলৈ গৈ হাতীয়ে মানুহ খেদাৰ কথাও ৰসিকতাৰে প্ৰকাশ কৰে ভৱেশ কলিতাই ৷ হাতী আহিলে হাল্লা লাগিব, সেয়ে ভোটতো পদুম ফুলত দিবলৈ আহ্বান ভৱেশ কলিতাৰ ৷
ইপিনে প্ৰচাৰ সভাৰ ভাষণৰ মাজতে হাউলী পৌৰ সভাত বিজেপি জয়ী হ'লে হাউলী পৌৰসভাত এহেজাৰ দৰ্শক বহিব পৰা প্ৰেক্ষাগৃহ, খোজকঢ়াৰ বাবে বিশেষ ৱাকিং জ'ন, ষ্টেডিয়াম, চিচি কেমেৰা স্থাপন, খোৱাপানীৰ সু-ব্যৱস্থা, শিশু উদ্যান, ৰাষ্টা-ঘাট, আৰু নলাৰ সুন্দৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ভৱেশ কলিতাই ৷
ইপিনে ভূপেন বৰা (Bhupen Bora)ৰ পত্নীৰ হাউচিং ঘৰৰ বিষয়ত মন্তব্য কৰি বিজেপিৰ কোনোবা কাৰ্যকৰ্তা, সাংসদ বা বিধায়কৰ যদি 'কোটা'ত হাউচিঙৰ ফ্লেট আছে তেন্তে সেয়া এৰি দিবলৈ নিজ দলৰ নেতা কৰ্মীৰ প্ৰতি আহ্বান ভৱেশ কলিতাৰ ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|