உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Congress Protest at Airport: যোৰহাটৰ ৰৰৈয়া বিমানকোঠতে প্ৰতিবাদত বহিল শীৰ্ষ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ

    Congress Protest at Airport: যোৰহাটৰ ৰৰৈয়া বিমানকোঠতে প্ৰতিবাদত বহিল শীৰ্ষ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ

    বিমানকোঠৰ পৰা বাহিৰলৈ ওলোৱাত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰে কঙগ্ৰেছৰ শীৰ্ষ নেতাকেইগৰাকীক

    বিমানকোঠৰ পৰা বাহিৰলৈ ওলোৱাত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰে কঙগ্ৰেছৰ শীৰ্ষ নেতাকেইগৰাকীক

    বিমানকোঠৰ পৰা বাহিৰলৈ ওলোৱাত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰে কঙগ্ৰেছৰ শীৰ্ষ নেতাকেইগৰাকীক

    • Share this:

    যোৰহাটৰ ৰৰৈয়া বিমানকোঠৰ প্ৰস্থান পথৰ সন্মুখত মাটিত বহি প্ৰতিবাদত বহিল নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, নাগালেণ্ডৰ তত্ত্বাৱধায়ক অজয় কুমাৰ আৰু সাংসদ গৌৰৱ গগৈ (MP Gaurav Gogoi)। বিমানকোঠৰ পৰা বাহিৰলৈ ওলোৱাত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰা কাৰ্যৰ প্ৰতিবাদ কৰে কংগ্ৰেছৰ শীৰ্ষ নেতাকেইগৰাকীয়ে (Congress Protest at Airport)।


    নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, নাগালেণ্ডৰ তত্ত্বাৱধায়ক অজয় কুমাৰ, সাংসদ গৌৰৱ গগৈয়ে নাগালেণ্ডৰ মন জিলাত সংঘটিত ঘটনা আৰু পৰিস্থিতিৰ বুজ লোৱাৰ বাবে নাগালেণ্ড অভিমুখে যাবলৈ আহিছিল।


    কংগ্ৰেছৰ শীৰ্ষ নেতাকেইগৰাকীক বিমানকোঠৰ (Rowriah Airport) পৰা বাহিৰলৈ অহাত বাধা দিয়াৰ বাবে বুধবাৰে দুপৰীয়াৰ পৰা ৰৰৈয়া বিমানকোঠত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল। বিয়লি ৪.১৫ বজাত বিমানকোঠৰ প্ৰতিবাদস্থলীত উপস্থিত হয়হি যোৰহাটৰ উপায়ুক্ত।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    Published by:Gautam Barman
    First published: