পীযূষ হাজৰিকাৰ বিৰুদ্ধে আক্ৰমণাত্মক কংগ্ৰেছ নেতা আৰ পি শৰ্মা। ভূপেন বৰাৰ কবিতাক লৈ পীযূষ হাজৰিকাই কৰা কটাক্ষৰ প্ৰত্যুত্তৰ দিলে জ্যেষ্ঠ নেতাগৰাকীয়ে। মন্ত্ৰী পীযূষ হাজৰিকাক মুখ চম্ভালি কথা ক'বলৈ আহ্বান জনালে আৰ পি শৰ্মাই। তেওঁ কয়, ‘‘পীযূষ হাজৰিকাই জনা উচিত ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে।
কয়লা,গৰু, চুপাৰি আদি কমিচনৰ টকা কোনে খাইছে সকলোৱে জানে। পীযুষ হাজৰিকাৰ দেউতাক নিজে কংগ্ৰেছী আছিল। ভূপেন বৰাৰ কবিতাই ৰাজ্যৰ ৰাজনীতিত খলকনি তুলিছে। ভূপেন বৰাৰ কবিতা গাঁৱে-ভূঞে লৈ যাব কংগ্ৰেছে।’’ইফালে, মুখ্যমন্ত্ৰীৰ সভাত বিধায়ক ৰূপজ্যোতি কুৰ্মীক প্ৰৱেশ কৰিবলৈ নিদিয়া কাৰ্যক লৈ আৰ পি শৰ্মাই ক’লে, ‘‘ৰূপজ্যোতি কুৰ্মীৰ এই অৱস্থা হ'ব বুলি ভবা নাছিলো।
স্থান হেৰালে মান হেৰায়। কংগ্ৰেছত থাকোতে লম্ফ-জম্ফ কৰিছিল ৰূপজ্যোতিয়ে। বিজেপিলৈ গৈ এতিয়া মান-সন্মান নাইকিয়া হৈছে।’’মই কংগ্ৰেছত থাকি সুখী। মোৰ সন্মান কংগ্ৰেছত অটুত আছে বুলিও মন্তব্য কৰে ৰাম প্ৰসাদ শৰ্মাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|